এটা উদ্বেগজনক কাণ্ডই জোকাৰিছে ডুমডুমা

কোন দিশে গতি কৰিছে সমাজ! ভুল ক’ত? অভিভাৱকৰ সংস্কাৰত নে সামাজিক পাৰিপাৰ্শ্বিকতাত? এটা উদ্বেগজনক কাণ্ডই জোকাৰিছে ডুমডুমা। এইবাৰ ধৰ্ষণত অভিযুক্ত ১৬ কিম্বা ১৭ বয়সৰ ৭ কিশোৰ। ১৪ বছৰীয়া কিশোৰীৰ সৈতে অপকৰ্ম কৰিছে তেওঁলোকে। মুখত সোপা দি, চকুত বান্ধি ক’লা কাপোৰ, সংঘটিত কৰিলে ধৰ্ষণ কাণ্ড। কিশোৰীগৰাকী বৰ্তমান ৬ মাহৰ অন্ত্বঃসত্তা

তিনিচুকীয়া জিলাৰ ডুমডুমাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। খেলি থকা কিশোৰীক চকু আৰু মুখত কাপোৰ বান্ধি ধৰ্ষণ কৰাৰ অভিযোগ এই ৭অভিযুক্তৰ বিৰুদ্ধে। ৬ মাহৰ পূৰ্বেই সংঘটিত হৈছিল এই ঘটনা। ঘটনাৰ বিষয়ে কাৰোবাক ক’লেই ঘৰ জ্বলাই দিয়াৰ লগতে পৰিয়ালক হত্যা কৰাৰ ভাবুকি দিয়াৰো অভিযোগ। ভয়ত উপায়ন্তৰ কিশোৰীগৰাকী এতিয়া ৬ মাহৰ অন্ত্বঃসত্তা। ঘটনা সন্দৰ্ভত ডুমডুমা আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হল, অভিযুক্ত ৭ কিশোৰক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে।

এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ সৈতে অপকৰ্ম কৰিছে ৭ কিশোৰে! এয়া সমাজৰ কেনে স্খলিত ৰূপ। আপোনাৰ সন্তানে কি কৰি আছে? আপুনি সেই লৈ সজাগ নে? চকুৰ পচাৰতে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত সংঘটিত হৈ গৈছে এনে চাঞ্চল্যকৰ ঘটনা। উদ্বিগ্ন সচেতন সমাজ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...