মৃত্যু হ’ল বেলেগৰ, বেলেগৰ ফটোত সকলোৱে লিখিলেহি RIP… উপায়ন্তৰ হৈ যুৱতীৰ পোষ্ট, ‘আৰে বাবা মই জীয়াই আছোঁ’

বেংগালুৰুত মায়া গগৈ হত্যাৰ নতুন টুইষ্ট। ‘আৰে বাবা মই জীয়াই আছোঁ’ বুলি সদৰী কৰিলে স্বয়ং মায়া গগৈয়ে। ইউটিউবাৰ মায়া গগৈয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিলে এই কথা। বেংগালুৰু আৰক্ষীয়ে প্ৰকাশ কৰা যুৱতীৰ ফটোক লৈ বিভ্ৰান্তি। ‘হত্যা’ৰ বলি হোৱা মায়া গগৈ অন্য এজনী যুৱতীহে। এই মায়া গগৈৰ সন্ধানত চলিছে আৰক্ষীৰ অভিযান। বেংগালুৰুত নৃশংস হত্যাৰ বলি হৈছিল অসমীয়া যুৱতীগৰাকী। ৰুমমেটেই চুৰীৰে ঘপিয়াই ঘপিয়াই মায়াক হত্যা কৰাৰ সন্দেহ। পলাতক অৱস্থাত আছে অভিযুক্ত ৰুমমেট অৰৱ হাৰ্ণি। মৃতদেহৰ সৈতে অভিযুক্তই দুদিন কটোৱা বুলি দাবী আৰক্ষীৰ। ২৩ নৱেম্বৰত এপাৰ্টমেন্টটোলৈ গৈছিল মায়া আৰু অৰৱ। ২৪ নৱেম্বৰত ঘাতকে মায়াক হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ। মায়াৰ বুকুত চোকা অস্ত্ৰৰে কৰা কেইবাটাও আঘাতৰ চিন স্পষ্ট। বাংগালুৰুৰ কোৰামংগলাত চাকৰিও কৰিছিল মায়া গগৈয়ে। ঘটনা সন্দৰ্ভত জোৰদাৰ তদন্ত অব্যাহত বাংগালুৰু আৰক্ষীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...