ডেৰ-দুবছৰলৈকে বিয়াত বহিব নোৱাৰিব মোহময়ী অভিনেত্ৰী উৰ্বশী ৰাউটেলা!

ডেৰ-দুবছৰ নিষেধাজ্ঞা, কোনো কাৰণতে বিয়াত বহিব নোৱাৰিব মোহময়ী অভিনেত্ৰী উৰ্বশী ৰাউটেলা! সংবাদ মাধ্যমক অভিনেত্ৰীগৰাকীয়ে নিজেই জনালে এই কথা। বলিউডৰ বিতৰ্কিত অভিনেত্ৰীসকলৰ অন্যতম এগৰাকী উৰ্বশী ৰাউটেলা। বিতৰ্কৰে নাম সাঙুৰ খালেও পুৰুষ অনুৰাগীৰ অভাৱ নাই উৰ্বশীৰ। উৰ্বশীৰ ব্যক্তিগত জীৱন সম্পৰ্কে কৌতুহলৰ অন্ত নাই অনুৰাগীৰ মনত। বহুতৰে প্ৰশ্ন, উৰ্বশীৰ বিয়া কেতিয়া হ’ব?’

এইবাৰ অনুৰাগীৰ প্ৰশ্নৰ অৱসান ঘটালে উৰ্বশীয়ে। অভিনেত্ৰীগৰাকীয়ে নিজেই ক’লে যে, আগন্তুক ডেৰ-দুবছৰলৈকে তেওঁ বিয়া হ’ব নোৱাৰিব। জ্যোতিষশাস্ত্ৰত অত্যন্ত বিশ্বাসী উৰ্বশী। জ্যোতিষীৰ মতে বৰ্তমান সময়খিনি উৰ্বশীৰ বিয়াৰ বাবে অনুপযোগী। আগন্তুত ২-৩ বছৰলৈকে বিয়াৰ শুভক্ষণ নাই উৰ্বশীৰ। জ্যোতিষশাস্ত্ৰক বিশ্বাস কৰিয়েই সম্প্ৰতি বিয়াত বহিব বিচৰা নাই উৰ্বশী। এসময়ত ক্ৰিকেটাৰ ঋষভ পন্তৰ সৈতে সম্পৰ্কৰ খবৰ ওলাইছিল উৰ্বশীৰ।

এই খবৰে তোলপাৰ লগাইছিল ছ’চিয়েল মিডিয়া। নেটিজেনে শ্বেয়াৰ কৰিছিল ঋষভ-উৰ্বশীৰ বহু মিম। অৱশ্যে এই খবৰৰ স্বীকাৰোক্তি কোনোদিনোই নিদিলে অভিনেত্ৰীগৰাকীয়ে। এই খবৰক কেৱল উৰাবাতৰি বুলিয়েই দোহৰিলে উৰ্বশী ৰাউটেলাই। ব্যক্তিগত জীৱন সম্পৰ্কে যথেষ্ট সচেতন উৰ্বশী। ব্যক্তিগত কথাবোৰ মনে মনে ৰখাটোৱেই হেনো অধিক পছন্দ কৰে অভিনেত্ৰীগৰাকীয়ে। এতিয়া সকলো বাদ দি কেৱল নিজৰ কামতহে গুৰুত্ব দিব বিচাৰে উৰ্বশী ৰাউটেলাই। কিন্তু অনুৰাগীৰ মনে নামানে, উৰ্বশীয়ে নসাৎ কৰিলেও অনুৰাগীয়ে পাহৰা নাই ঋষভ আৰু উৰ্বশীৰ সম্পৰ্ক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...