মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ

শীঘ্ৰে হিমন্ত মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব এখন নতুন মুখ। বৰাকৰ এজন জনপ্ৰতিনিধিক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব মুখ্যমন্ত্ৰীয়ে। ইয়াৰ বিপৰীতে মন্ত্ৰীসভাৰ কোনো বিশেষ সাল–সলনি নহয় বুলি বুধবাৰে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৰাকৰ পৰা পাথাৰকান্দিৰ বিজেপি বিধায়ক কৃষ্ণেন্দু পাল মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্তি হোৱাৰ সম্ভাৱনা আছে।

শীঘ্ৰে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব বৰাকৰ এখন নতুন মুখ
কৃষ্ণেন্দু পাল হ’ব নেকি বৰাকৰ নতুন মন্ত্ৰী?
মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ

হিমন্ত চৰকাৰৰ কাৰ্যকালৰ অন্ত পৰিবলৈ মাজত মাথোঁ ডেৰ টা বছৰ বাকী। কিন্তু আজিও হিমন্ত মন্ত্ৰীসভাত খালী হৈ আছে ৪টাকৈ মন্ত্ৰী পদ। সময়ে সময়ে মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈও চলি আহিছে চৰ্চা। কিন্তু এইক্ষেত্ৰত আজিলৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক কথাত কম মন্ত্ৰীৰেই মন্ত্ৰীসভাখন পৰিচালনা কৰি আহিছে মুখ্যমন্ত্ৰীয়ে। এজন মন্ত্ৰীকেই দায়িত্ব দিয়া হৈছে ৩–৪টাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ। শেহতীয়াকৈ পুনৰ চৰ্চা আৰম্ভ হৈছে হিমন্ত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ। কিয়নো জ্যেষ্ঠ প্ৰাক্তন মন্ত্ৰী তথা সাংসদ পৰিমল শুক্লবৈদ্যৰ পদত্যাগৰ পিছতে

বৰ্তমান মন্ত্ৰীসভাত নাই বৰাকৰ এজনো প্ৰতিনিধি
মন্ত্ৰীসভা সম্প্ৰসাৰণ সন্দৰ্ভত বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা-
কোনো বিশেষ সাল-সালনি নহয় বৰ্তমানৰ মন্ত্ৰীসভাত
মাথোঁ বৰাকৰ এজন প্ৰতিনিধি অন্তৰ্ভুক্ত হ’ব মন্ত্ৰীসভাত


ইয়াৰ লগে লগে বৰাকৰ কোনজন প্ৰতিনিধি নতুনকৈ অন্তৰ্ভুক্ত হ’ব মন্ত্ৰীসভাত তাকে লৈ আৰম্ভ হৈছে চৰ্চা। নতুন মন্ত্ৰীৰ দৌৰৰ শীৰ্ষত আছে পাথাৰকান্দিৰ বিজেপি বিধায়ক কৃষ্ণেন্দু পাল

অৱশ্যে বিধায়ক কৃষ্ণেন্দু পাল নে বৰাকৰ আন কোনোবা প্ৰতিনিধিক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব সেই সন্দৰ্ভত স্পষ্টকৈ কোনো কথা উল্লেখ নকৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কেতিয়া হ’ব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ? সেই সন্দৰ্ভতো কোনো স্পষ্ট দিন-বাৰ ঘোষণা নকৰিলে মুখ্যমন্ত্ৰীয়ে। উল্লেখযোগ্য যে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’লে আন কেইবাজনো জ্যেষ্ঠ বিজেপি বিধায়কে মন্ত্ৰীসভাত স্থান লাভ কৰিব বুলি ইমানদিনে আশাৰে বাট চাই ৰৈছিল।

মন্ত্ৰীত্বৰ দৌৰত আছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী
বিধায়ক সুশান্ত বুঢ়াগোহাঁই, ভৱেশ কলিতাৰ নামো হৈছিল চৰ্চা

কিন্তু এইসকলো জল্পনা–কল্পনাৰ অৱসান ঘটাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰাকৰ পৰা মাথোঁ এজন প্ৰতিনিধিকে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব বুলি বুধবাৰে ঘোষণা কৰিলে। হয়তো নিৰ্বাচনলৈ মাজত মাথোঁ ডেৰটা বছৰ বাকী থকা অৱস্থাত মন্ত্ৰীসভাখনৰ পূৰ্ণাংগ ৰূপ দিবলৈ মুঠেই আগ্ৰহী নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...