বাইকত অহা ২ যুৱকে অপহৰণ কৰিলে মহিলাক

অপৰাধ আৰু অপৰাধীৰ নগৰীলৈহে যেন পৰ্যৱসিত হৈছে গুৱাহাটী মহানগৰী। গুৱাহাটীৰ পল্টনবজাৰত পুনৰ অপহৰণকাণ্ড। গৰ্ভৱতী মহিলাক অপহৰণ কৰিলে দুৰ্বৃত্তই। বাইকত অহা ২ যুৱকে অপহৰণ কৰে মহিলাগৰাকীক। পল্টনবজাৰৰ সমীপত থকা অটো ষ্টেণ্ডত সংঘটিত হৈছে এই ঘটনা। আলিপুৰ দুৱাৰৰ পৰা ডিমাপুৰৰ নিজ বাসগৃহলৈ আহি আছিল পতি-পত্নী। নিশা ট্ৰেইনৰ পৰা নামি ভাত খাবলৈ আহোতে অপহৰণ কৰে মহিলাগৰাকীক। পত্নীক অটো ষ্টেণ্ডৰ কাষত ৰাখি স্বামীয়ে ষ্টেচনৰ পৰা আনিবলৈ গৈছিল বেগ। সেইসময়তে বাইকত অহা ২ যুৱকে উঠাই লৈ যায় মহিলাগৰাকীক। ঘটনা সন্দৰ্ভত পল্টনবজাৰ থানাত গোচৰ ৰুজু ভুক্তভোগী স্বামীৰ। বৰ্তমানলৈকে আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ। CCTVৰ ফুটেজ সংগ্ৰহ নকৰাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২৩ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেটলৈ অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা

অহা ২৪ নৱেম্বৰৰ পৰা হাৰিয়ানাত হ’বলগীয়া বি চি চি...

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...