শুধ বগা বস্ত্ৰৰে থিয়েটাৰগৃহ পালেগৈ অভিনেতা চন্দন ডেকা

জীৱন নাটৰ ভাৱৰীয়া…শুধ বগা বস্ত্ৰৰে থিয়েটাৰগৃহ পালেগৈ অভিনেতা চন্দন ডেকা। গ্ৰীন ৰুমত ৰঙীন পোছাক পিন্ধি বুকুত বেদনা সামৰি কৰি গ’ল অবিৰাম অভিনয়। অভিনয় শেষ কৰি আকৌ শুভ্ৰ বগা পোছাকত গৃহলৈ যাত্ৰা অভিনেতাজনৰ। জীৱন যুঁজ আৰু দায়িত্ববোধৰ এখন জীয়া ছবি ৰাজলক্ষ্মী থিয়েটাৰত।

পিতৃৰ মুখাগ্নি কৰিয়েই আকৌ মঞ্চত চন্দন। মঙলদৈত ৰাজলক্ষ্মী থিয়েটাৰত এতিয়া দুখন ছবি। এখন ছবি দৰ্শকে দেখা মঞ্চৰ, আনখন গ্ৰীণৰূমৰ। মঞ্চত দুৰ্দান্ত অভিনয় কৰিছে চন্দনে, আগৰ দৰেই। কিন্তু গ্ৰীণৰূমত এখন গধুৰ বুকু লৈ পিন্ধি আছে ধূতি-চেলেং। পিতৃহাৰা হোৱা চন্দনৰ দৃঢ়তা দেখি শলাগ লৈছে সকলোৱে। পিতৃৰ বিয়োগৰ খবৰ শুনিও কঠোৰ হৈ পালন কৰিছিল কৰ্ম। ৰাইজে দেখিছিল এজন শিল্পীৰ ত্যাগ আৰু দায়িত্বৰ নিদৰ্শন। ৰাইজে বুজিছিল- The show must go on। গোৱালপাৰাত পিতৃৰ শেষকৃত্য সম্পন্ন কৰিয়েই পুনৰ মঞ্চলৈ আহিল চন্দন ডেকা। মঙলদৈত চলি আছে ৰাজলক্ষ্মী থিয়েটাৰৰ পেণ্ডেল। গতিকে দায়িত্ব সম্পাদন কৰিবই লাগিব, পিতৃৰো আছিল উপদেশ। পিতৃয়ে শিকাই যোৱা কৰ্মক ধৰ্ম বুলি লোৱা চন্দনক এতিয়া শলাগিছে সকলোৱে। চন্দনক সমবেদনা জ্ঞাপন কৰিছে জ্যেষ্ঠ, সতীৰ্থ সকলোৱে।

Popular

More like this
Related

হায় জীৱশ্ৰেষ্ঠ! এজনী কুকুৰক নিৰ্মমভাৱে ছুৰিকাঘাত কৰি হত্যা

ৰাজ্যত পুনৰ সংঘটিত হৈছে কুকুৰ বধৰ ঘটনা। ডুমডুমাৰ ৰূপাইত...

প্ৰেম-বিচ্ছেদৰ বাবেই সংঘটিত হ’ল নগাঁৱৰ গড়াজানৰ হত্যাকাণ্ড

নগাঁৱৰ গড়াজানৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক অমল সৰকাৰক গ্ৰেপ্তাৰ। অমলক...

মহানগৰীত STFৰ ড্ৰাগছ বিৰোধী অভিযান

মহানগৰীত STFৰ ড্ৰাগছ বিৰোধী অভিযান। STFৰ জালত কুখ্যাত ড্ৰাগছ...

কমেও ৩ টা সন্তান জন্ম দিয়ক, নহ’লে নাবাচিব জাতি!

কমেও ৩ টা সন্তান জন্ম দিয়ক, নহ’লে নাবাচিব জাতি!...