৫ কিলো ওজনৰ স্বৰ্ণ অলংকাৰ পিন্ধি তেওঁ ঘূৰি ফুৰে বিহাৰত…

ধনতেৰছ উপলক্ষে আপুনি আজি সোণ কিনিব নেকি? আপোনাৰ কিমান আছে সোণৰ আ-অলংকাৰ? আমি আজি চিনাকী কৰাই দিম এজন বিশেষ ব্যক্তিক… যি ঘৰৰ পৰা বাহিৰলৈ ওলালেই পিন্ধি লয় ৫ দশমিক ৫ কোটি টকা পৰিমাণৰ সোণৰ অলংকাৰ। আজি ধনতেৰছত তেওঁ কিনিব অধিক সোণৰ অলংকাৰ।

সৰ্বশৰীৰত তেওঁৰ থাকে সোণৰ আভূষণ
৫ কিলো ওজনৰ স্বৰ্ণ অলংকাৰ পিন্ধি তেওঁ ঘূৰি ফুৰে বিহাৰত
ডিঙিত থাকে শিকলি সদৃশ সোণৰ বৃহৎ চেইন
হাতৰ ১০টা আঙুলিত ১০টা সোণৰ আঙুঠিৰ উপৰিও থাকে ব্ৰেচলেট
তেওঁ পিন্ধি থকা সোণৰ মূল্য প্ৰায় ৫ কোটি


পাটনাৰ ৰাস্তাত এখন সোণৰ পানী চৰোৱা বুলেটত ঘূৰি ফুৰে এজন ৰঙা পাগুৰি পিন্ধা লোক। লোকজনক লৈ সাধাৰণ মানুহৰ কৌতুহলৰ অন্ত নাই। কাৰণ তেওঁৰ সৰ্বশৰীৰত থাকে সোণৰ বিভিন্ন অলংকাৰ। ডিঙিত তেওঁৰ থাকে ১৭ডাল সোণৰ চেইন যি কেইডালৰ ওজন হয়গৈ ৪ কিলোৰ অধিক। হাতত থাকে বৃহৎ ব্ৰেচলেট, প্ৰতিটো আঙুলিত পিন্ধে সোণৰ আঙুঠি।

সোণৰ আভূষণৰ বাবেই তেওঁ প্ৰখ্যাত Gold Man of Bihar বুলি
পাটনাৰ এজন ঠিকাদাৰ প্ৰেম সিঙে প্ৰসিদ্ধি লভিছে তেওঁৰ সোণৰ প্ৰতি থকা দুৰ্বলতাৰ বাবে
ডিঙিত পিন্ধা সোণৰ এডাল চেইনত লিখা থাকে Gold Man of Bihar বুলি

সোণৰ প্ৰতি শৈশৱৰ পৰা তেওঁৰ আছিল দুৰ্বলতা। উপাৰ্জন কৰাৰ পৰা তেওঁ কিনিবলৈ আৰম্ভ কৰিছিল সোণ। লাহে লাহে সেয়া তেওঁৰ অভ্যাসত পৰিণত হ’ল। পিন্ধি ফুৰা সোণৰ আ-অলংকাৰক লৈ প্ৰেম সিঙে গঢ়ি তুলিছে নিজৰ এক সুকীয়া ভাৱমূৰ্তি। প্ৰেম সিঙৰ মতে সোণ পৰিধান কৰাটো শৰীৰৰ বাবে মংগলদায়ক।

প্ৰেম সিঙৰ নিৰাপত্তাৰ বাবে লগত থাকে দুজন বডীগাৰ্ড
৫ বছৰ পূৰ্বে পাটনাত তেওঁৰ ঘৰৰ পৰা ডকাইতে লুটি নিছিল সকলো স্বৰ্ণ অলংকাৰ
অৱশ্যে এসপ্তাহ পিছতে আৰক্ষীয়ে ডকাইতৰ পৰা উদ্ধাৰ কৰিছিল সকলো সোণ


মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ দিনত বিহাৰৰ আইন শৃংখলা পৰিস্থিতি যথেষ্ট উন্নত হোৱা বুলি দাবী কৰিছে প্ৰেম সিঙে। ফলত তেওঁ নিজৰ নিৰাপত্তাক লৈ পূৰ্বৰ দৰে আৰু শংকিত নহয়। আজি ধনতেৰাছৰ দিনটোত আৰু সোণৰ অলংকাৰ কিনিব প্ৰেম সিঙে। প্ৰেম সিঙৰ এতিয়া লক্ষ্য Gold Man of Indiaৰ খিতাপ লোৱা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...