অযোধ্যাৰ পৰা হোৱাইট হাউছলৈ…সৰ্বত্ৰ দীপাৱলীৰ মধু আলোড়ন

অযোধ্যাৰ পৰা হোৱাইট হাউছলৈ, বলীউডৰ পৰা মহাকাশলৈ, সৰ্বত্ৰ দীপাৱলীৰ মধু আলোড়ন।

ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত প্ৰথমটো দীপাৱলী উৎসৱৰ বাবে ব্যাপক আয়োজন চলিছে আযোধ্যাত। আলোক সজ্জাৰে উজলিছে ৰাম জন্মভূমি। হাজাৰ হাজাৰ লোক সমৱেত হৈছে অযোধ্যাত। চলিছে লেজাৰ শ্বো। LED পৰ্দাত ৰাম কথাও চলি আছে।

বহস্পতিবাৰে সৰজুৰ পাৰত উদযাপন কৰা হ’ব দীপোৎসৱ। এইবাৰ ২৮ লাখ বন্তি প্ৰজ্বলন কৰা হ’ব। সৰজু নদীৰ ৫৫টা ঘাট বন্তি প্ৰজ্বলনৰ বাবে সাজু কৰা হৈছে।

দীপাৱলীৰ উলাহে ধোৱাইছে বলীউডো। একতা কাপুৰৰ প্ৰি–দিৱালী পাৰ্টিত ভিৰ কৰিলেহি বলীউডৰ বহু কেইগৰাকী নবীন–প্ৰবীন অভিনেতা–অভিনেত্ৰীয়ে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাইট হাউছতো উদযাপন কৰা হৈছে দীপাৱলীৰ বিশেষ অনুষ্ঠানৰ। ৰাষ্ট্ৰপতি জো বাইডেনে সকলোকে জনালে দীপাৱলীৰ শুভেচ্ছা।

মহাকাশতো দীপাৱলীৰ অনুৰণন। মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা দীপাৱলীৰ শুভেচ্ছা জনালে সুনীতা উইলিয়ামছে

দেশৰ প্ৰান্তে প্ৰান্তে দীপাৱলীক লৈ বিশাল আয়োজন চলিছে। জয়পুৰক সজোৱা হৈছে আলোক সজ্জাৰে। চলিছে সংগীতৰ অনুষ্টানো।

মুঠতে সৰ্বত্ৰ কেৱল পোহৰৰ উৎসৱৰ সীমাহীন ব্যস্ততা। ইয়াৰ মাজতো দেৱালীক লৈ চলিছে ৰাজনীতিও। ফটকা–আতচবাজি নিষিদ্ধ কৰাক লৈ RSS প্ৰধান মোহন ভাগৱতে প্ৰশ্ন কৰিছে কেৱল হিন্দু উৎসৱতে এনে নিষিদ্ধকৰণ কিয়?

মোহন ভাগৱত মন্তব্যৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়াও সৃষ্টি হৈছে। দিল্লীসহ বিভিন্ন চহৰত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে আতচবাজি নিষিদ্ধ কৰাৰ লগত বহু স্থানত কম সময়ৰ বাবে ফটকা ফুটুৱাৰ অনুমতি দিয়া হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...