সাগৰীয় ঘূৰ্ণি ডানাই জোকাৰিছে পশ্চিমবংগ আৰু ওড়িষ্যাক

উন্মত্ত সাগৰৰ উত্ৰাৱল ঢৌৱে সৃষ্টি কৰিছে প্ৰাকৃতিক প্ৰলয়ৰ। সাগৰীয় ঘূৰ্ণি ডানাই জোকাৰিছে পশ্চিমবংগ আৰু ওড়িষ্যাক। ওড়িষ্যাৰ সাগৰৰ উত্তাল জলৰাশিৰ ভয়াৱহ দৃশ্য পোহৰলৈ আহিছে। দৃশ্যত ওড়িষ্যাৰ ধামাৰা বন্দৰৰ পৰা বন্দী কৰা হৈছে কেমেৰাত।

কোনোমতে বন্দৰৰ কাষলৈ আহিবলৈ চেষ্টা কৰা হৈছে। কোনো একোখন জাহাজ ডুবি গৈছে বহুলাংশে। সাগৰৰ উত্তাল জলধাৰৰ শৱদে জোকাৰি পেলাইছে উপকূলীয় অঞ্চল।

সাগৰৰ ঢৌৱে জোকাৰি পেলাইছে বহুকেইখন জাহাজ। যিকোনো মুহূৰ্তত তচনচ হৈ যোৱাৰ উপক্ৰম হৈছে জাহাজকেইখন।

শংকিত হৈ পৰিছে সাগৰৰ তীৰৰ নিচেই ওচৰত বসবাস কৰা লোকসকল। এনেকৈয়ে এতিয়া সাগৰীয় ঘূৰ্ণী ডানাই শংকিত কৰি ৰাখিছে দুই ৰাজ্যক। উত্তৰ-পূবৰ বহু অঞ্চলতো পৰিছে ইয়াৰ বিৰূপ প্ৰভাৱ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...