অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত প্ৰয়াত উদ্যোগপতি ৰতন টাটাৰ স্মৃতিত নিৰ্মাণ কৰা হ’ব এটা ভৱন

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত প্ৰয়াত উদ্যোগপতি ৰতন টাটাৰ স্মৃতিত নিৰ্মাণ কৰা হ’ব এটা ভৱন। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ চমাৰভিল কলেজ আৰু টাটা গ্ৰুপে ৰতন টাটাৰ স্মৃতিত নিৰ্মাণ কৰিব এই ভৱন। এই ভৱন সম্পূৰ্ণ হৈ উঠিলেই অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত স্থায়ী হৈ ৰ’ব ৰতন টাটাৰ স্মৃতি। ভৱনটোৰ নামকৰণ কৰা হ’ব ৰতন টাটা বিল্ডিং ৰূপে। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ নতুন ৰেডক্লিফ অবজাৰভেটোৰি কোৱাৰ্টাৰৰ সন্মুখত অহা ফেব্ৰুৱাৰী–মাৰ্চৰ ভিতৰত আৰম্ভ হ’ব ৰতন টাটা বিল্ডিঙৰ নিৰ্মাণ কাৰ্য। টাটাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ বাবেই ভৱনটোৰ নাম ৰতন টাটা বিল্ডিং ৰখা হৈছে। টাটা চনছৰ অধ্যক্ষ এণ্ড চন্দ্ৰশেখৰনে প্ৰকাশ কৰা মতে ভৱনটো ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ গৱেষণাৰ কেন্দ্ৰৰূপে গঢ়ি তোলা হ’ব। ৰতন টাটা ভৱনত থাকিব নতুন ছেমিনাৰ হল আৰু কাৰ্যালয়ৰ লগতে পঢ়া–শুনাৰ বিশেষ স্থান, অভ্যৰ্থনা কক্ষ আৰু শিক্ষাবিদসকলৰ পৰিদৰ্শনৰ ব্যৱস্থাও থাকিব। উল্লেখ্য যে যোৱা ৯ অক্টোবৰত মৃত্যুক সাৱটি লোৱা ৰতন টাটাৰ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ সৈতে আছিল বিশেষ সম্পৰ্ক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...