ভয়াৱহভাৱে প্ৰদূষিত হৈছে ৰাজধানী দিল্লী

ভয়াৱহভাৱে প্ৰদূষিত হৈছে ৰাজধানী দিল্লী। দিল্লীৰ বায়ুমান সূচাংক ক্ৰমশঃ বৃদ্ধি পাইছে। দিনক দিনে অৱনতি ঘটিছে দিল্লীৰ জলবায়ু। দেওবাৰলৈকে প্ৰদূষণৰ মাত্ৰা ‘অতি নিম্ন’ হৈ থকাৰ আশংকা। আনন্দ বিহাৰ অঞ্চলত AQI হৈছেগৈ ৩৩৪। প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিবলৈ দিল্লী চৰকাৰে লৈছে বিশেষ ব্যৱস্থা। ঠায়ে ঠায়ে বায়ুমণ্ডলত পানী সিঁচাৰ ব্যৱস্থা গ্ৰহণ। সৰ্বাধিক প্ৰদূষিত অঞ্চল হিচাপে চিহ্নিত আনন্দ বিহাৰ, অক্ষৰ ধাম।

আনফালে দিল্লীত বৃদ্ধি পোৱা প্ৰদূষণৰ প্ৰভাৱ পৰিছে নৈ–উপ নৈসমূহত। ভয়াৱহভাৱে প্ৰদূষণৰ মাত্ৰা বাঢ়িছে যমুনা নৈত। কালিন্দিকুঞ্জত যমুনা নৈত উৎপত্তি হৈছে বিষাক্ত ফেন। শনিবাৰৰ পৰা বিষাক্ত ফেনে ছানি ধৰিছে নৈখন। যমুনা নৈৰ পানী ক্ৰমান্বয়ে ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে। এনে প্ৰেক্ষাপটত জলচৰ প্ৰাণীৰ প্ৰতিও আহিছে ভাবুকি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...