গজৰাজে তাণ্ডৱ চলালে ৰাজপথত

অৰণ্য ধ্বংস কৰাৰ পৰিণামহে যেন ভুগিছে মানৱ জাতিয়ে! দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। দৈনিক শিৰোনাম দখল কৰিছে হাতী-মানুহৰ সংঘাতৰ খবৰে। তাৰ মাজতে এইবাৰ ঘটিছে আন এক ঘটনা। বন্য নহয় ঘৰচীয়া গজৰাজে তাণ্ডৱ চলালে ৰাজপথত। খেলনাৰ দৰে শূন্যত ঘূৰালে গাড়ী। কেমেৰাত বন্দী হ’ল হাতীৰ তাণ্ডৱৰ দৃশ্য। বিজয়া দশমীৰ সমদলত ব্যৱহাৰ কৰা হাতীয়ে ল’লে উগ্ৰ ৰূপ। এখন চাৰিচকীয়া বাহন ভাঙি পেলোৱাৰ লগতে আক্ৰমণ কৰিলে বাছতো। দঁতাল হাতীৰ এই ৰূপ দেখি আতংকিত হৈ পৰিল পথচাৰী। মাউত পিঠিত বহি থকা অৱস্থাতে অনিয়ন্ত্ৰিত হৈ পৰে হাতীটো। বিভিন্ন মাধ্যমত ভাইৰেল হৈছে এই দৃশ্য। এই ঘটনা বিহাৰৰ চাপ্ৰাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...