গজৰাজে তাণ্ডৱ চলালে ৰাজপথত

অৰণ্য ধ্বংস কৰাৰ পৰিণামহে যেন ভুগিছে মানৱ জাতিয়ে! দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। দৈনিক শিৰোনাম দখল কৰিছে হাতী-মানুহৰ সংঘাতৰ খবৰে। তাৰ মাজতে এইবাৰ ঘটিছে আন এক ঘটনা। বন্য নহয় ঘৰচীয়া গজৰাজে তাণ্ডৱ চলালে ৰাজপথত। খেলনাৰ দৰে শূন্যত ঘূৰালে গাড়ী। কেমেৰাত বন্দী হ’ল হাতীৰ তাণ্ডৱৰ দৃশ্য। বিজয়া দশমীৰ সমদলত ব্যৱহাৰ কৰা হাতীয়ে ল’লে উগ্ৰ ৰূপ। এখন চাৰিচকীয়া বাহন ভাঙি পেলোৱাৰ লগতে আক্ৰমণ কৰিলে বাছতো। দঁতাল হাতীৰ এই ৰূপ দেখি আতংকিত হৈ পৰিল পথচাৰী। মাউত পিঠিত বহি থকা অৱস্থাতে অনিয়ন্ত্ৰিত হৈ পৰে হাতীটো। বিভিন্ন মাধ্যমত ভাইৰেল হৈছে এই দৃশ্য। এই ঘটনা বিহাৰৰ চাপ্ৰাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...