দুৰ্গা পূজাস্থলীত দুৰ্বৃত্তৰ তাণ্ডৱ

দুৰ্গা পূজাস্থলীত পেট্র’ল বোমা নিক্ষেপ। ভক্তক ছুৰিকাঘাত। এইবাৰ পূজা মণ্ডপত দুৰ্বৃত্তৰ তাণ্ডৱ। দুটা ঘটনা। এটা ঘটনাত দুৰ্বৃত্তৰ পেট্ৰ’ল বোমা নিক্ষেপ। আনফালে পূজা মণ্ডপত ছুৰিকাঘাতত ধৰাশায়ী হৈ চিকিৎসালয়ত ভক্ত। এই দুয়োটা ঘটনা ঢাকাৰ। বাংলাদেশৰ একাংশ দুৰ্গা পূজাস্থলীত দুৰ্বৃত্তই চলালে তাণ্ডৱ। কঠোৰ নিৰাপত্তাৰ মাজতো দুৰ্গা পূজা বিঘ্নিত কৰাৰ বাবে দুৰ্বৃত্তই চেষ্টা চলালে। CCTVত বন্দী হৈছে এনে বহু দৃশ্য।

পুৰণি ঢাকাৰ তাঁতি বজাৰ পূজা মণ্ডপত চলে দুৰ্বৃত্তৰ আক্ৰমণ। থাপনালৈ পেট্ৰ’ল বোমা নিক্ষেপ কৰি দুৰ্বৃত্তই পলায়ন কৰাৰ দৃশ্য বন্দী হয় কেমেৰাত। কথমপি ভয়াৱহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে পূজা মণ্ডপ। আতংকত দৌৰা-দৌৰি কৰি আহত হয় বহু লোক। দুস্কৃতিকাৰীক ধৰিবলৈ চেষ্টা কৰাত ছুৰিকাঘাতত আহত হয় ৫ স্বেচ্ছাসেৱক। আটাইকে ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। পূজাৰ মাজতে ঘটা এনে ঘটনাক লৈ সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া। দুস্কৃতিকাৰীক আটক কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচীও পালন কৰে হিন্দুসকলে। ইয়াৰ পিছতে নিৰাপত্তাৰক্ষীয়ে কৰায়ত্ত কৰে দুস্কৃতিকাৰীক। এই ঘটনাৰ পূৰ্বেও দুৰ্গা পূজাত বিভিন্ন স্থানত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈছিল। বিভিন্ন স্থানত দুৰ্বৃত্তই ভাঙি পেলাইছিল দুৰ্গা প্ৰতিমা। বাংলাদেশৰ মহম্মদ ইউনুছ চৰকাৰে পূজা মণ্ডপত নিৰপত্তাৰ ব্যৱস্থাৰ আশ্বাস দিয়াত পূজাৰ আয়োজন চলে যদিও এনে একাধিক ঘটনা সংঘটিত হয়। দুৰ্গোৎসৱৰ মাজতে সাতক্ষীৰাৰ শ্যামনগৰৰ যশোৰেশ্বৰীৰ মুকুট চুৰিৰ ঘটনাও সংঘটিত হয়। ২০২১ৰ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে বাংলাদেশ ভ্ৰমণৰ সময়ত কালী বিগ্ৰহত পিন্ধাই দিছিল ১০০ ভৰি সোণৰ মুকুটটো। ইতিমধ্যে এই ঘটনাক লৈ শনিবাৰে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...

LPGৰ ঠাই ল’ব নেকি ইথানলে? ইয়াক পানীৰ সৈতে মিহলি কৰাৰ আঁৰৰ যুক্তি কি?

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইথানল ভিত্তিক ষ্ট’ভ প্ৰযুক্তিৰ...

এটা আমৰ বাবে ১৫ৰ পৰা ১৮ হাজাৰ টকাৰ নিবিদা…

আমক লৈ চৰ্চিত হৈ পৰিছে এখন বিশেষ ঠাই। জাপানৰ...

এজন অধিবক্তা কেতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হয়?

ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ৰ...