ভাওনাৰ মাজতে ভাৱৰীয়াৰ চুলিত লাগিল জুই

নাৰায়ণপুৰৰ জয়পুৰত ভাওনা চলি থকাৰ মাজতে অঘটন। ৰাম বিজয় নাটৰ এটা বিশেষ দৃশ্যৰ মাজতে ঘটিল কোনেও কল্পনা নকৰা ঘটনা। ভাওনা চলি আছিল। নামঘৰত প্ৰৱেশ কৰিছিল ৰাৱণৰ অন্যতম বিশ্বস্ত তাৰকা ৰাক্ষসীৰ দুই পুত্ৰ মাৰিছ আৰু সুবাহুৱে। উদ্দেশ্য ঋষি বিশ্বামিত্ৰই যজ্ঞৰ বাবে লৈ যোৱা ৰাম লক্ষ্মণৰ বাট ভেটিব লাগে। সেয়ে ভিন্ন ভংগীমাৰে বাঁহীৰ সুৰ আৰু খোলৰ তালে তালে প্ৰৱেশ চলিছে তাৰকা মাৰিছৰ। মাজে মাজে অট্টহাস্যৰ খলকনি উঠিছে নামঘৰত। এবাৰত ভাওনা চাবলৈ অহা কণমানিহঁতৰ সন্মুখত ৰৈও ভংগীমা দেখুৱাইছে ৰাক্ষসৰূপী ভাৱৰীয়াই।

নাট মতে পৰৱৰ্তী সময়ত যুদ্ধ হ’ব ৰাম-লক্ষ্মণ আৰু তাৰকাৰ। অত্যাধুনিক আলোকসম্পাতৰ ব্যৱস্থা কৰা হৈছে নামঘৰৰ ভিতৰতে। তেনেতে……

আলোকসম্পাতৰ পৰা ওলোৱো ফিৰিঙতিয়ে সৃষ্টি কৰিলে অগ্নিকাণ্ডৰ। জুই লাগি গ’ল ৰাক্ষস মাৰিছ আৰু সুবাহুৰ চুলিত। আন ভাৱৰীয়াৰো চুলিত লাগিল জুই। চাৰিওফালে হুৱা-দুৱা। মণিকূটৰ ফালে দৌৰি গল ৰাম লক্ষ্মণো। কথমপি পৰিধান কৰি থকা চুলি খুলিহে ৰক্ষা পৰিল ৰাক্ষসদ্বয়ৰ। গৰুবন্ধা আঞ্চলিক উন্নয়ণ সমন্বয় সমিতিৰ অন্তৰ্গত ১৫ খন গাঁও মিলি ১১ অক্টোবৰৰ পৰা অক্টোবৰলৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত গুৰুজনাৰ জন্মোৎসৱত এনেদৰেই ঘটিল এটা অনাকাংক্ষিত ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাতৃয়ে জন্মদিনত উপহাৰ দিলে বন্দুক; সেই বন্দুকেৰে বিদ্যালয়ত গুলীচালনা কৰি ৪ জনক হত্যা ১৬ বছৰীয়া পুত্ৰৰ

আমেৰিকাৰ অৰেগন ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাক...

ভাৰত-ইউএইৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য, বৈদেশিক মন্ত্ৰী জয়শংকৰক সাক্ষাৎ ইউএইৰ মন্ত্ৰীৰ

‘আমি আৰু ঘনিষ্ঠ হ’ব বিচাৰোঁ’: কৌশলগত সম্পৰ্কৰ পৰ্যালোচনাৰ বাবে...