ৰাৱন দাহ কৰিবলৈ গৈ নিজে দাহ হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল এজন সাংসদ

ৰাৱন দাহ কৰিবলৈ গৈ নিজে দাহ হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল এজন সাংসদ। ৰাৱন দাহ কৰিবৰ বাবে ফটকাত অগ্নি সংযোগ কৰোতেই জলন্ত ফটকা আহি পৰিল সাংসদৰ গাত। কাপোৰৰ তলেৰে সোমাই গৈ পেটৰ অংশত লাগিল গৈ ফটকা। এই ঘটনা সংঘটিত হ’ল বিহাৰৰ পুৰ্ণিয়াত। পুৰ্ণিয়াৰ নিৰ্দলীয় সাংসদ পাপ্পু যাদৱৰ লগত ঘটিল এই ঘটনা। এই ঘটনাত কথমপি ভয়াৱহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল সাংসদজন। ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈছে এই ঘটনা। পুৰ্ণিয়া চহৰৰ মৰংগাস্থিত দুৰ্গা মন্দিৰত ৰাৱন দাহৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। ৰাৱন দাহ কৰিবৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল সাংসদজনক। কিন্তু ৰাৱন দাহৰ সময়তে ফটকাৰ জুইত জ্বলি উঠে পাপ্পু যাদৱৰ ছাৰ্ট।

Popular

More like this
Related

পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ

ছাংহাই কো-অপাৰেছন অৰ্গেনাইজেছন বৈঠকৰ বাবে পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ। কূটনৈতিক...

গজৰাজে তাণ্ডৱ চলালে ৰাজপথত

অৰণ্য ধ্বংস কৰাৰ পৰিণামহে যেন ভুগিছে মানৱ জাতিয়ে! দিনক...

সিংহলী ভাষাত গুৰুজনাৰ অমৰ সৃষ্টি

কলম্বোস্থিত ভাৰতীয় উচ্চায়োগৰ সাংস্কৃতিক শাখা স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰই...

দুৰ্গা পূজাস্থলীত দুৰ্বৃত্তৰ তাণ্ডৱ

দুৰ্গা পূজাস্থলীত পেট্র’ল বোমা নিক্ষেপ। ভক্তক ছুৰিকাঘাত। এইবাৰ পূজা...