কাইলৈ ষষ্ঠী, ব্যস্ততাৰ অন্ত নাই কাৰোৰে

অসূয়া অপ্ৰীতি, অপায় অমংগল বিনাশৰ কামনাৰে দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে সাজু ৰাজ্যবাসী। সকলোৰে এটাই কামনা, মানুহবোৰ অসহিষ্ণু নহওক, অসূয়া অপ্ৰীতিৰে ভৰি নপৰক ধৰা। দুৰ্গতিনাশিনীয়ে আতৰাই ৰাখক সকলো বিপদ বিঘিনী, ব্যাধি জৰা। কাইলৈ ষষ্ঠী। বেদীত প্ৰতিষ্ঠা হব মা-দুৰ্গা। পূজাৰ মণ্ডপে মণ্ডপে চলিছে অঘোষিত প্ৰতিযোগিতা। ৰং বিৰঙ আলোক সজ্জাৰে চমক দিবৰ বাবে সাজু প্ৰত্যেকখন পূজা কমিটী। এই প্ৰতিবেদনৰ জৰিয়তে জানো আহকচোন ক’ত কেনেদৰে নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ।

আপুনি এইটো জনমতে স্বৰ্গ ,মত্য আৰু পাতাল ভ্ৰমণ কৰিব বিচাৰে নেকি? যদি বিচাৰে তেন্তে আপুনি যাব লাগিব তিনিচুকীয়া চলিহা নগৰ দুৰ্গা পূজা মণ্ডপলৈ। তিনিচুকীয়া চলিহা নগৰ দুৰ্গা পূজা কমিটীয়ে সাজি উলিয়াইছে স্বৰ্গ ,মত্য আৰু পাতালৰ আৰ্হিত পূজা মণ্ডপ।ইফালে তিনিচুকীয়া অন্য এটা প্ৰান্তত টিংৰাই হাবিৰ গঙাপাৰা দুৰ্গা পূজা সমিতিয়ে অসমীয়া গ্ৰন্থৰ আৰ্হিত নিৰ্মাণ কৰি উলিয়াইছে আকৰ্ষণীয় পূজা মণ্ডপ।

ধুবুৰীৰ চহৰতো নিৰ্মাণ কৰি উলিওৱা হৈছে এটা বিশেষ পূজা মণ্ডপ। বেংগালুৰুৰ কোৱাণ্টামৰ বৃহৎ শিৱমূৰ্তিৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপটো।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বঙাইগাঁৱতো এইবাৰ আকৰ্ষণীয় হৈছে পূজাৰ পৰিৱেশ। আদিবাসী থীম লৈ SBC ক্লাবে নিৰ্মাণ কৰিছে পূজাৰ মণ্ডপ।

ইফালে হোজাইতো ডুবাইৰ ব্ৰুজ খালিফা আৰ্হিৰে সজা মণ্ডপে আকৰ্ষণ কৰিছে সকলোৰে দৃষ্টি ।

শিৱসাগৰত এইবাৰ পূজা অনুষ্ঠিত হব ১০৩ খন। সেই উপলক্ষে ব্যস্ততাৰ অন্ত নাই আয়োজক সমিতিসমূহৰ। ৯১ বছৰীয়া বাৰোৱাৰী পূজা সমিতিয়ে অসমীয়া চিনেমাৰ গৌৰৱময় যাত্ৰা তুলি ধৰিছে পূজা মণ্ডপত। সোণাৰিত থলুৱা সামগ্ৰীৰে সজা হৈছে পূজা মণ্ডপ। মৰাপাট,বাঁহ আৰু বেতেৰে ব্যতিক্ৰমী পূজা মণ্ডপ আয়োজক সমিতিৰ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বকো ধেমাজি,গহপুৰ যোগীঘোপা,কৰিমগঞ্জ, লামডিং, মানকাছাৰ, শিলচৰ, তেজপুৰ, গোলাঘাট, দেৰগাঁৱতো চলিছে পূজা মণ্ডপৰ অঘোষিত প্ৰতিযোগিতা। মুঠৰ ওপৰত শৰতৰ এই মাদকতাভৰা সময়ছোৱাত দেৱীৰ আগমণৰ বতৰাই প্ৰাণোচ্ছল কৰি তুলিছে ৰাজ্যবাসীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...