মাকৰ বুকুৰ পৰাই দুৰ্বৃত্তই কাঢ়ি নিলে দেৱশিশু

এটি দেৱশিশুৰ মৃত্যুৱে জোকাৰিছে নগৰবেৰা। মাকৰ বুকুৰ পৰাই নাইকীয়া হৈ গ’ল এমহীয়া শিশু। ঘটনাস্থলী নগৰবেৰাৰ খামেৰী অঞ্চল। সোমবাৰে সন্ধিয়া খামেৰীত সংঘটিত শিহৰণকাৰী ঘটনাই সমগ্ৰ খামেৰীতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। গাঁওবাসীৰ মাজত এতিয়া আতংকময় পৰিবেশ। ঘটনা সংঘটিত হৈছিল খামেৰীৰ ফুলচান আলীৰ ঘৰত। ঘৰত সন্ধিয়া কোনো পুৰুষ নাছিল। মাকৰ সৈতে বিচনাতে শুই আছিল দেৱশিশুটি। তেতিয়াই ক’লা কাপোৰ পৰিহিত অজ্ঞাত দুৰ্বৃত্তই টানি লৈ যায় শিশুটিক। ঘটনাৰ আকস্মিকতাত মুক হৈ পৰে মাতৃ। জোৰকৈ চিঞৰিবলৈ পাহৰিলেও। মাত্ৰ ১মাহ ৫ দিনহে হৈছিল দেৱশিশুটিৰ। মাকে হেনো ভালদৰে একো তলকিবই নোৱাৰিলে। এখন ক’লা হাতহে দেখিছিল হেনো মাকে।

শিশুটিৰ পিতৃ আৰু ককাক তেতিয়া বজাৰত আছিল। হুৱাদুৱা লাগিল। কিছু সময় পিছতে লোকাৰণ্য হৈ পৰিল নগৰবেৰাৰ খামেৰীৰ ফুলচান আলীৰ বাসগৃহ। ককাক আৰু দেউতাকো ঘৰলৈ দৌৰি আহিল। দেৱশিশুটিৰ সন্ধানত বিচাৰ খোছাৰ আৰম্ভ হ’ল। প্ৰায় ডেৰঘন্টামানৰ মূৰত কাষৰে এটা পুখুৰীত উদ্ধাৰ হ’ল শিশুটিৰ মৃতদেহ। পুখুৰীৰ পানীৰ পৰা উদ্ধাৰ কৰি শিশুটিক জীয়াই তুলিবলৈ আপ্ৰাণ চেষ্টা চলালে পৰিয়াল আৰু উপস্থিত ৰাইজে। কিন্তু এমহীয়া শিশুটিৰ দেহত প্ৰাণ ঘূৰি নাহিল।

স্থানীয় ৰাইজে তৎকালীনভাৱেই স্থানীয় স্বাস্থ্যকেন্দ্ৰলৈ নিয়ে শিশুটিক। তাতেই শিশুটিক মৃত ঘোষণা কৰে চিকিৎসাকৰ্মীয়ে। এই শিহৰণকাৰী ঘটনাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। ঘটনাক সহজভাৱে ল’ব পৰা নাই কোনেও। স্থানীয় ৰাইজৰ মতে এয়া পৰিকল্পিত হত্যা।

ঘটনাস্থলীত উপস্থিত হৈ নিশাই তদন্ত আৰম্ভ কৰে নগৰবেৰা আৰক্ষীয়ে। কিন্তু প্ৰাথমিক তদন্তত দেৱশিশুটিৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত কোনো ক্লু উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। এটি এমহীয়া দেৱশিশুক মাতৃৰ কোলাৰ পৰা কোনে নিলে? ক’লা কাপোৰ পিন্ধি কোন আহিছিল? ঘটনাৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী মাতৃৰ ভাষ্যই অধিক ৰহস্যঘন কৰি তুলিছে পৰিস্থিতি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিলা আয়ুক্তলৈ অশ্লীল বাৰ্তা প্ৰেৰণৰ অভিযোগত TVKৰ বিধায়ক অৰুল বিগনেশক গ্ৰেপ্তাৰ

তামিলনাডুত এগৰাকী মহিলা IAS বিষয়াক অশ্লীল বাৰ্তা প্ৰেৰণ আৰু...

জনতা ভৱনৰ বিষয়া-কৰ্মচাৰীৰ সাজ-পোছাক সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি

অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে দিছপুৰৰ জনতা ভৱনত কৰ্মৰত...

৭ বছৰৰ আইনী যুঁজৰ অন্তত Jet Airwaysৰ কৰ্মচাৰীলৈ বৃহৎ সকাহ, ৪৮০ কোটি টকাৰ PF আৰু গ্ৰেচুইটিৰ ধন মুকলি

বন্ধ হৈ যোৱা বিমান সংস্থা Jet Airwaysৰ প্ৰাক্তন কৰ্মচাৰীসকলৰ...