হাৰিয়ানাত আজি বিধানসভাৰ নিৰ্বাচন

হাৰিয়ানাত আজি বিধানসভাৰ নিৰ্বাচন। ৯০টা সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব ১০৩১ গৰাকী প্ৰাৰ্থীৰ । ৯০ টা সমষ্টিৰ ২০,৬২৯টা কেন্দ্ৰত আৰম্ভ ভোটগ্ৰহণ। আজি ভাগ্য নিৰ্ণয় হ’ব বিজেপিৰ মুখ্যমন্ত্ৰী নয়াব সিং ছাইনীৰ। মল্লযুঁজাৰু তথা কংগ্ৰেছ প্ৰাৰ্থী ভিনেশ ফ’গাটৰো ভাগ্য নিৰ্ণয় হ’ব আজি। জুলানা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ভিনেশ ফ’গাটে। কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুদাৰো নিৰ্ণয় হ’ব ভাগ্য। একেৰাহে ৩বাৰলৈ হাৰিয়ানা দখলৰ বাবে ব্যাপক প্ৰচাৰ চলাইছিল বিজেপিয়ে। প্ৰধানমন্ত্ৰী মোদী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো চলাইছিল প্ৰচাৰ। ১০ বছৰৰ পিছত হাৰিয়ানাত বিজেপিক উৎখাতৰ সংকল্পৰে প্ৰচাৰত নামি পৰিছিল কংগ্ৰেছ। কংগ্ৰেছ প্ৰাৰ্থীসকলৰ হৈ হাৰিয়ানাত প্ৰচাৰ চলাইছিল ৰাহুল গান্ধীয়ে। দেশৰ আগশাৰীৰ মহিলা উদ্যোগপতি সাবিত্ৰী জিন্দালে নিৰ্দলীয় হিচাপে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। অহা ৮ অক্টোবৰত ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...