মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ শিক্ষাৰ্থীসকলক উচ্চ শিক্ষাৰ দিশত আগবঢ়াই নিয়া আৰু আৰ্থিক বাধা দূৰ কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ অধীনত চলিত বৰ্ষৰ অক্টোবৰ মাহৰ প্ৰথম কিস্তিৰ ধন বিতৰণৰ শুভাৰম্ভ কৰে। এই দুই আঁচনিৰ অধীনত ৰাজ্যৰ মুঠ ৫.৪২ লাখ শিক্ষাৰ্থী উপকৃত হ’ব।

চলিত বৰ্ষত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত ৪ লাখ ৩৯ হাজাৰ ৫৯৮ গৰাকী ছাত্ৰী উপকৃত হ’ব। এই আঁচনিৰ প্ৰথম কিস্তিৰ বাবে চৰকাৰে মুঠ ৪৮.২২ কোটি টকা ব্যয় কৰিব। আনহাতে, উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ অধীনত ১ লাখ ২ হাজাৰ ৫০১ গৰাকী ছাত্ৰ উপকৃত হ’ব। এই আঁচনিৰ প্ৰথম কিস্তিৰ বাবে ১০.৩৭ কোটি টকা ব্যয় কৰা হ’ব।

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ বহু জিলাত বাল্যবিবাহৰ প্ৰচলন আৰু কম বয়সতে মাতৃত্বৰ দায়িত্ব ল’বলগীয়া হোৱা বিষয়টো ২০২৩ চনৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাতো প্ৰকাশ পাইছিল। ধুবুৰী, দক্ষিণ শালমাৰা আদি জিলাত ৬০ শতাংশ কন্যা সন্তানে ১৩ৰ পৰা ১৪ বছৰ বয়সতে বিবাহপাশত আবদ্ধ হোৱাৰ তথ্য সমীক্ষাত উল্লেখ কৰা হৈছিল।

এই সামাজিক সমস্যা দূৰ কৰাৰ লগতে কন্যা সন্তানৰ শিক্ষাগ্ৰহণ অব্যাহত ৰখাৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে নিযুত মইনা আঁচনি গ্ৰহণ কৰিছিল। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ২০২৪ চনত আঁচনিখন আৰম্ভ কৰাৰ পিছৰে পৰা ৰাজ্যৰ মহাবিদ্যালয়সমূহত ছাত্ৰীৰ নামভৰ্তিৰ হাৰ বৃদ্ধি পাইছে আৰু আধাতে শিক্ষানুষ্ঠান এৰি দিয়া ছাত্ৰীৰ সংখ্যাও হ্ৰাস পাইছে।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলে পঢ়া-শুনা অব্যাহত ৰখাৰ সুবিধা লাভ কৰাৰ লগতে অভিভাৱকৰ আৰ্থিক বোজাও কিছু পৰিমাণে হ্ৰাস পাব। এই আঁচনিৰ ফলত বছৰি চাৰি লাখ টকাতকৈ কম উপাৰ্জন কৰা পৰিয়ালৰ সন্তানসকলৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত নামভৰ্তিৰ সংখ্যা প্ৰায় দুগুণ বৃদ্ধি পোৱাটো আঁচনিখনৰ সফলতাৰ এক উল্লেখযোগ্য দিশ বুলি তেওঁ মন্তব্য কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে সাধাৰণতে কোনো আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি পালে চৰকাৰৰ ব্যয়ৰ পৰিমাণো বৃদ্ধি পায়। কিন্তু নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ক্ষেত্ৰত হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি পোৱাটো চৰকাৰৰ বাবে আনন্দৰ বিষয়। কাৰণ, এই আঁচনিসমূহে লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিছে।

তেওঁ শিক্ষাৰ্থীসকলক নিয়মীয়াকৈ শিক্ষানুষ্ঠানলৈ আহি অধ্যয়নত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। লগতে শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তি, নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ দৰে সুবিধাসমূহৰ উদ্দেশ্য তেতিয়াহে সফল হ’ব, যেতিয়া শিক্ষাৰ্থীসকলে এই সুবিধাসমূহ গ্ৰহণ কৰি নিজৰ লক্ষ্যত উপনীত হ’বলৈ চেষ্টা কৰিব বুলি তেওঁ উল্লেখ কৰে।

মুখ্যমন্ত্ৰীয়ে মহাত্মা গান্ধীৰ উদ্ধৃতি দি কয় যে শিক্ষাই সমাজত সমতা প্ৰতিষ্ঠা কৰে। দৰিদ্ৰ পৰিয়ালৰ সন্তানকো উচ্চ শিক্ষাৰ সুযোগ প্ৰদান কৰি সমাজৰ উচ্চ স্তৰলৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত শিক্ষাৰ ভূমিকা অপৰিসীম।

তেওঁ লগতে কয় যে ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়ত ইনকিউবেচন কেন্দ্ৰ আৰু ষ্টাৰ্টআপ ইক’ছিষ্টেম গঢ়ি তোলাৰ দিশত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। বিগত পাঁচ বছৰত ৰাজ্য চৰকাৰে এক লাখ ৬০ হাজাৰ চৰকাৰী চাকৰি প্ৰদান কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে দুই লাখ যুৱক-যুৱতীক আত্মসংস্থাপনৰ সুবিধা প্ৰদান কৰিছে। ৰাজ্যত উদ্যোগীকৰণৰ অনুকূল পৰিৱেশ গঢ়ি তোলাৰ বাবেও চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

মুখ্যমন্ত্ৰীয়ে যুৱক-যুৱতীসকলক নিজৰ মাজত থকা প্ৰতিভা আৰু উদ্ভাৱনী শক্তি বিকশিত কৰি আত্মনিৰ্ভৰশীল হ’বলৈ আহ্বান জনায়। তেওঁ কয় যে অসমৰ যুৱ প্ৰজন্মৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ লগতে ৰাজ্যখনক অশান্তিৰ পৰা আঁতৰাই শান্তি আৰু প্ৰগতিৰ দিশত আগুৱাই নিয়াৰ বাবে চৰকাৰে কাম কৰি যাব।

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অহা বছৰ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ পৰিসৰ অধিক সম্প্ৰসাৰণ কৰা হ’ব বুলিও ঘোষণা কৰে। এই আঁচনিৰ সুবিধা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, আউনীআটী বিশ্ববিদ্যালয়, কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় আৰু প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকললৈও সম্প্ৰসাৰণ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ শিক্ষামন্ত্ৰীক আহ্বান জনায়।

ইয়াৰ উপৰি এন ই এম, জি এন এম আৰু বি এছ চি নাৰ্ছিং পাঠ্যক্ৰমৰ ছাত্ৰীসকলকো নিযুত মইনা আঁচনিৰ আওতালৈ অনা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। ছেপ্টেম্বৰ মাহৰ ধন সংগ্ৰহ কৰাৰ পিছত দুৰ্গাপূজাৰ সময়ত শিক্ষাৰ্থীসকলে ডি বি টি (Direct Benefit Transfer) পদ্ধতিৰে ধন লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে। পৰৱৰ্তী সময়ত দুয়োখন আঁচনিৰ অধীনত প্ৰদান কৰা ধনৰ পৰিমাণ বৃদ্ধি কৰাৰ বিষয়েও চৰকাৰে আলোচনা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

অনুষ্ঠানত শিক্ষা বিভাগৰ মন্ত্ৰী ড° ৰণোজ পেগু, সাংসদ দিলীপ শইকীয়া, বিধায়ক প্ৰদ্যুৎ বৰদলৈ, দিগন্ত শৰ্মা, বিজয় কুমাৰ গুপ্তা, ড° তপন দাস, হিমাংশু শেখৰ বৈশ্য, প্ৰকাশ চন্দ্ৰ দাস, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...

পাকিস্তানত ভয়ংকৰ ঘটনা; বিদ্যালয়ৰ ছাদ খহি শিক্ষকসহ ২৯ শিক্ষাৰ্থীৰ মৃত্যু

পাকিস্তানৰ উত্তৰাঞ্চলৰ পেছাৱৰ চহৰত বৃহস্পতিবাৰে পুৱা সংঘটিত এক ভয়ংকৰ...