মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক লৈ প্ৰতিবাদ ৰাইজৰ। ১৯৫৬ চনতেই স্থাপন কৰা হৈছিল ঐতিহাসিক ৰাণী ব্লক। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ৰাণী ব্লকৰ সৰহসংখ্যক লোক অন্তৰ্ভুক্ত হয় পলাশবাৰী সমষ্টিত। ইয়াৰ পাছতেই ৰাণী ব্লক উঠাই নিয়া যো জা চলাইছে চৰকাৰে। ৰাণী ব্লক উঠাই নি পলাশবাৰীৰ ঝাৰোবৰীত স্থাপন কৰাৰ লক্ষ্য প্ৰশাসনৰ। যাৰ বাবে সমস্যাৰ সন্মুখীন হ’ব ৰাণীৰ অঞ্চলৰ লগতে পাহাৰীয়া লোকসকল। সেইবাবেই ওলাই আহিল ৰাণীত শতাধিক লোক। এতিয়াJ দৰে আগলৈও ৰাণী ব্লকতে কাম চলি থকাৰ দাবী প্ৰতিবাদকাৰীৰ।

ৰাণী ব্লক স্থানান্তৰ সিদ্ধান্তৰ বিৰুদ্ধে ভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে লোকসকলে। আজিও শতাধিক পুৰুষ-মহিলা ওলাই আহি সাব্যস্ত কৰিলে প্ৰতিবাদ। ৰাণী ব্লকৰ অধীনৰ মেঘালয় সীমান্তৰ লোকসকলৰ হুংকাৰ, যদিহে চৰকাৰে এই কাৰ্যালয় উঠাই নিয়ে তেন্তে তেওঁলোক চামিল হব মেঘালয়ৰ লগত।

All Assam tribal sangha, ৰাণী পাহাৰীয়া জনজাতীয় ৰাইজ, ৰূপকোঁৱৰ কলা পৰিষদৰ পুৰুষ মহিলাই উলিয়াই এক প্ৰতিবাদী সমদল। ৰাণীৰ উন্নয়ন খণ্ডত উন্নয়ন বিষয়াৰ জড়িয়তে জিলা আয়ুক্তলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰও। ইয়াৰ পাছত জিলা প্ৰশাসন তথা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ’ব লক্ষণীয়

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...