আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিঙত অসমৰ বক্সাৰৰ প্ৰত্যাশিত আৰম্ভণি

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া [বি এফ আই] ৰ সহযোগিতাত অসম এমেচাৰ বক্সিং সন্থাই আয়োজন কৰা তথা গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাত আয়োজক অসমৰ খেলুৱৈয়ে প্ৰত্যাশিত আৰম্ভনি কৰিছে৷

প্ৰতিযোগিতাৰ প্ৰথমদিনটোত যুৱ মহিলাৰ শাখাত অসমৰ নগৰাকী বক্সাৰে জয়ৰে আৰম্ভনি কৰাৰ বিপৰীতে যুৱ পুৰুষ শাখাত দুগৰাকী অসম বক্সাৰে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে৷ আনহাতে, এলিট পুৰুষ শাখাত অসমৰ চাৰি গৰাকী বক্সাৰে প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ কৰিবলৈ সক্ষম হৈছে৷

যুৱ মহিলাৰ ৪৫ কিলোগ্ৰাম শাখাত অসমৰ প্ৰান্তিকা গগৈ, ইলাজ্যোতি পেগু, জিনা হুছেইন; ৪৮ কিলোগ্ৰাম শাখাত নেন্সি বৰা, ৰিম্পী পেগু, ভাৰতী কুমাৰী; ৫১ কিলোগ্ৰাম শাখাত আইশ্ৰী হাজৰিকা আৰু আকাংক্ষা ভড়দ্বাজ তথা ৫৪ কিলোগ্ৰাম শাখাত পৰিস্মিতা দাসে প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ কৰিছে৷

ইফালে, ৰাজীৱ আলী আৰু জুনাইদ আননে ক্ৰমে যুৱ পুৰুষৰ ৪৭ কিলোগ্ৰাম আৰু ৬০ কিলোগ্ৰাম শাখাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰাৰ বিপৰীতে অসমৰ দহজন যুৱ বক্সাৰে প্ৰথম ৰাউণ্ডৰ মেচত পৰাস্ত হৈ অভিযান সামৰে৷

আনহাতে, এলিট পুৰুষ শাখাৰ প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ পৰৱৰ্তী ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিছে ৪৬ কিলোগ্ৰাম শাখাত গৌৰৱ মজুমদাৰ, ৫৭ কিলোগ্ৰাম শাখাত অনুৰাগ বনিয়া আৰু সুমৰাজ শইকীয়া তথা ৬৩ কিলোগ্ৰাম শাখাত ভাইটি পেগু৷

উল্লেখ্য যে অহা ৩০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাত ল’ৰা-ছোৱালীৰ ছাৱ-জুনিয়ৰ, জুনিয়ৰ, যুৱ আৰু এলিট পুৰুষ-মহিলাৰ সকলো ওজন শাখাৰে খেল অনুষ্ঠিত হ’ব৷ যিসকল খেলুৱৈয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব সকলোৱে অন্তিম ফাইনেল ৰাউণ্ডৰ প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিব৷ আনহাতে, ফাইনেল ৰাউণ্ডৰ পদক বিজয়ী বক্সাৰসকলক ৰাষ্ট্ৰীয় শিবিৰত উন্নত প্ৰশিক্ষণ দিয়াৰ বাবে নিৰ্বাচন কৰা হ’ব৷ প্ৰতিখন মুকলি প্ৰতিযোগিতাৰ পদক বিজয়ীক প্ৰাইজমানি দিব বি এফ আয়ে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...