বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত আগবঢ়াইছে সৰ্বাধিক ৮.৫৫% পৰ্যন্ত সুত

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত সৰ্বাধিক ৮.৫৫% পৰ্যন্ত সুত আগবঢ়াইছে৷ সৰ্বভাৰতীয় বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকে ১ বছৰৰ বাবে ফিক্সড ডিপ’জিটত ৮.৫৫% পৰ্যন্ত সুতৰ হাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। বেংকে জ্যেষ্ঠ নাগৰিক গ্ৰাহকসকলক সৰ্বোচ্চ সুতৰ হাৰ ৮.৫৫%পৰ্যন্ত প্ৰদান কৰিছে। একেটা সময়সূচীতে সাধাৰণ গ্ৰাহকসকলে ফিক্সড ডিপজিটৰ ওপৰত ৮.০৫% সুত লাভ কৰিব।

বন্ধন বেংকে ৫ বছৰতকৈ কম সময়ৰ বাবে দীৰ্ঘম্যাদী ফিক্সড ডিপজিটৰ ক্ষেত্ৰত জ্যেষ্ঠ নাগৰিকসকলক ৭.৭৫% আকৰ্ষণীয় সূতৰ হাৰ প্ৰদান কৰাৰ বিপৰীতে সাধাৰণ গ্ৰাহকসকলে ৭.২৫% সুত লাভ আগবঢ়াব । এই হাৰ বেংকিং উদ্যোগটোৰ ভিতৰতে অন্যতম সৰ্বশ্ৰেষ্ঠ এফডি সূতৰ হাৰ ৰূপে বিবেচিত হৈছে। বন্ধন বেংকে ১০ লাখ টকাৰ অধিক ধন থকা চেভিংছ একাউণ্টৰ বেলেঞ্চত ৭% সুতৰ হাৰ আগবঢ়াই আছে।

বন্ধন বেংকৰ গ্ৰাহকসকলে খুচুৰা ইণ্টাৰনেট বেংকিং বা এমবন্ধন মোবাইল এপ্লিকেচনৰ জৰিয়তে ঘৰ বা কাৰ্যালয়ৰ পৰাই এফ ডি বুকিং বা বিনিয়োগৰ সুবিধা উপভোগ কৰিব পাৰিব। এই অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে গ্ৰাহকে কেইমিনিটমানৰ ভিতৰতে দ্ৰুত আৰু বাধাহীনভাৱে এফ ডি বুকিং কৰিব পাৰিব। 

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...