মাৰাত্মক গুটখাই জনস্বাস্থ্যৰ প্ৰতি সৃষ্টি কৰিছে তীব্ৰ ভাবুকি

প্ৰতিদিনে কোটি কোটি টকা ব্যয় কৰি বিজ্ঞাপনৰ জৰিয়তে সাধাৰণ লোকৰ প্ৰতি আহ্বান জনোৱা হৈছে গুট্খা খোৱাৰ পৰা বিৰত থাকক। এই মাৰাত্মক বিষে প্ৰতি বছৰে প্ৰাণ কাঢ়িছে হাজাৰ হাজাৰ লোকৰ। এই ‘আশ্চৰ্যক’ৰ পান মছলাৰ লোভত বন্দী দেশৰ লাখ লাখ লোক। নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰীভাৱে বিজ্ঞাপন প্ৰকাশ কৰিয়েই দায়িত্ব সামৰা হৈছে। সামান্য ৰাজহৰ আশাত এই বৰবিহ উৎসতে বন্ধ কৰাৰ পৰিৱৰ্তে চৰকাৰে সেউজ সংকেত প্ৰদান কৰি আহিছে গুটখা কোম্পানীসমূহক। ইয়াৰ ফলস্বৰূপে কোম্পানীসমূহে নিৰ্বিবাদে বজাৰত মুকলি কৰিছে বিভিন্ন শ্ৰেণীৰ গুটখা। অৰ্থনীতিবিদসকলে প্ৰকাশ কৰা মতে গুটখাৰ পৰা চৰকাৰে সংগ্ৰহ কৰে ৬৪শতাংশ কৰ। ইয়াৰ বিপৰীতে চিগাৰেট আৰু বিড়িৰ পৰা সংগৃহীত ৰাজহৰ পৰিমান ক্ৰমে ৫৩ শতাংশ আৰু ১৬ শতাংশ। চৰকাৰৰ উদাসীনতাৰ বাবে গুটখা চোবাই মৃত্যুক আমন্ত্ৰণ জনাই আহিছে এই ‘গুটখামেন’সকলে। সম্প্ৰতি সমগ্ৰ দেশজুৰি মহামাৰী ৰূপ ধাৰণ কৰিছে এই গুটখা সেৱনে। বিজ্ঞাপন আৰু আন প্ৰক্ৰিয়াৰেও সাধাৰণ লোকৰ এই আসক্তি নিৰ্মূল কৰাতো সম্ভৱ হৈ উঠা নাই। ইতিমধ্যে গুজৰাট, তেলেংগানা, তামিলনাডু, বিহাৰ, মহাৰাষ্ট্ৰসহ একাধিক ৰাজ্যত নিষিদ্ধ কৰা হৈছে গুটখা। কিন্তু এই নিৰ্দেশ চৰকাৰী নথিতহে সীমাবদ্ধ হৈ আছে। দেশৰ প্ৰতিখন ৰাজ্যতে নিৰ্বিবাদে চলি আহিছে মাৰাত্মক বিষ গুটখাৰ প্ৰচলন। বৃহৎ সংখ্যক লোকে জ্ঞাতসাৰে বা অজ্ঞাতে গুটখা সেৱনৰ বাবে মৃত্যুক মাতি আনিছে। শেহতীয়া এক সমীক্ষা অনুসৰি সম্প্ৰতি দেশত পথ দুৰ্ঘটনাত যিমান লোকৰ মৃত্যু হয় তাতকৈ অধিক লোকে মৃত্যুক সাৱটি ল’বলগীয়া হয় গুটখা সেৱনৰ বাবে। ‘স্ম’কলেছ ট’বেকো’ ৰূপে পৰিচিত এই গুটখা সেৱনৰ মাত্ৰা চীনৰ পিছতে ভাৰতৰ স্থান। বিভিন্ন নামেৰে বজাৰত উভৈনদী হৈ পৰা এই মাৰাত্মক গুটখা কেৱল এটা বেমাৰৰ বাবে নহয়, মানৱ শৰীৰৰ বিভিন্ন ৰোগৰ উৎস হৈছে এই গুটখা। শেহতীয়াকৈ ICMRএ প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৫ চনত ভাৰতত ১৭.৩ লাখ লোক নতুনকৈ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত কৰ্কট আৰু আন আনুসংগিক ৰোগত মৃত্যু হ’ব প্ৰায় ৯ লাখ লোকৰ। ২০২০ৰ পৰা এই মাৰাত্মক গুটখাৰ বাবেই দেশত কৰ্কট ৰোগত আক্ৰান্তৰ হাৰ ২৭শতাংশ বৃদ্ধি পাইছে। বিশেষকৈ গ্ৰামাঞ্চলত ৪০ শতাংশ লোকৰ কৰ্কট ৰোগৰ বাবে প্ৰধানতঃ জগৰীয়া এই গুটখা। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি– ভাৰতত প্ৰতি বছৰে ১ শতাংশ GDP হ্ৰাস পাই কেৱল এই তামোল আৰু ধঁপাতজাতীয় সামগ্ৰীৰ বাবে। তামোলজাতীয় সামগ্ৰীত ঘাইকৈ পোৱা যায় টবেক’ স্পেচিফিক নাইট্ৰ’চামাইন। এই ৰাসায়নিক পদাৰ্থবিধেই হৈছে প্ৰকৃততে কৰ্কট ৰোগৰ অন্যতম কাৰক। গুটখাৰ লগতে চিগাৰেট, বিড়ি আৰু অন্যান্য সামগ্ৰীতো এই ক্ষতিকাৰক পদাৰ্থবিধ পোৱা যায়। ইয়াৰোপৰি দিনৰ পিছত দিন গুটখা সেৱনৰ ফলত মুখৰ ভিতৰত ফাইব্ৰ’চিচ হোৱাৰ সম্ভাৱনা অধিক। এই ৰোগৰ সাধাৰণতে কোনো চিকিৎসা এতিয়ালৈকে উদ্ভাৱন হোৱা নাই। ইয়াৰ ফলতে ভৱিষ্যতে মুখৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। আনহাতে গুটখা সেৱনৰ ফলত প্ৰতিবছৰে কৰ্কট ৰোগত আক্ৰান্ত হৈ যিদৰে হাজাৰ হাজাৰ লোকে মৃত্যুক সাবটি ল’বলগীয়া হৈছে তেনেদৰে ধূমপানৰ ফলতো জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি হৈছে। প্ৰতি বছৰে ১৩ লাখৰো অধিক লোকে মৃত্যুক সাবটি ল’বলগীয়া হৈছে কেৱল ধূমপানৰ বাবে। কেৱল ভাৰতেই নহয়, চীন ব্ৰিটেইন, ব্ৰাজিল, ৰাছিয়া, আমেৰিকা আৰু দক্ষিণ আফ্ৰিকাতো ধূমপানৰ ফলত প্ৰতিবছৰে মৃত্যু হয় হাজাৰ হাজাৰ লোকৰ। এনে মাৰাত্মক বিহে সমগ্ৰ দেশ ছানি ধৰাৰ পিছতো চৰকাৰী পৰ্যায়ত দেখা গৈছে কেৱল উদাসীনতা। ৰাজহ সংগ্ৰহৰ বাবে এনে মাৰাত্মক গুটখা, চিগাৰেট, বিড়ি আৰু আন ধঁপাতজাতীয় সামগ্ৰী প্ৰস্তুতকাৰী কোম্পানীসমূহৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে। ফলস্বৰূপে নিৰ্বিবাদে এনে বৰবিহ সমাজত মুকলি কৰি দিছে কোম্পানীসমূহে।

Popular

More like this
Related

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...

ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ ভিতৰত স্থান দিয়া হৈছে USTMৰ অধ্যাপকক

আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে ২০২৪ চনৰ বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ...

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত আগবঢ়াইছে সৰ্বাধিক ৮.৫৫% পৰ্যন্ত সুত

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত সৰ্বাধিক ৮.৫৫% পৰ্যন্ত...