এগৰাকী অনুৰাগীৰ সৈতে আত্মীয়তাৰে মত-বিনিময় ছলমানৰ

বলিউডৰ ভাইজান ছলমান খানৰ এটা ভিডিঅ’ই খলকনি তুলিছে ছ’চিয়েল মিডিয়াত। বৃহস্পতিবাৰে সন্ধিয়া মুম্বাইৰ ৰাজপথত এগৰাকী অনুৰাগীৰ সৈতে মত-বিনিময় কৰা দেখা গ’ল অভিনেতাজনক৷ এগৰাকী সাধাৰণ মহিলাৰ সৈতে হাঁহি-ধেমালিৰে কথা পাতিলে জনপ্ৰিয় অভিনেতাজনে। সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল কথা-বাৰ্তাৰ এই ভিডিঅ’। অতি শান্তৰূপত এগৰাকী বয়সীয়াল মহিলাৰ কথা শুনিলে ছলমানে। ছলমানক ওচৰত পাই মহিলাগৰাকীয়ে মুকলিকৈ ক’লে মনৰ কথা। মহিলাগৰাকীৰ সৈতে একেবাৰে সাধাৰণভাৱে কথা পাতিলে ছলমানে। সম্প্ৰতি ছলমানৰ এই ব্যৱহাৰেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

সেই সময়ত ষ্টাইলিছ লুকত দেখা গৈছিল ছালমানক
ছলমানৰ পৰিধানত ক’লা ব্লেজাৰ, ক’লা পেণ্ট

সমান্তৰালকৈ এটা নীলা ৰঙৰ ছাৰ্ট পৰিহিত ছলমানক দেখা গৈছিল যথেষ্ট সপ্ৰতিভ। ৱৰ্কফ্ৰণ্টৰ কথা ক’বলৈ গ’লে সম্প্ৰতি ‘ছিকন্দৰ’ নামৰ চিনেমাখনৰ শ্বুটিঙত ব্যস্ত ছলমান খান।

ছবিত প্ৰথমবাৰলৈ দেখা যাব ছালমান খান আৰু ৰশ্মিকা মান্দানাৰ যুটী। ২০২৫ৰ ঈদৰ সময়তে মুক্তিলাভ কৰিব ছিকন্দৰ। সাধাৰণতে প্ৰতিটো ঈদৰ সময়ত মুক্তি পায় ছুপাৰষ্টাৰ ছলমানৰ একোখনকৈ ছবি, যিবোৰ প্ৰায়ে হয় ছুপাৰহিট। এইবাৰো অনুৰাগীয়ে প্ৰতীক্ষা কৰিছে ছালমান-ৰশ্মিকা যুটীৰ পৰা এখন ছুপাৰহিট ছবি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...