ৰাইজে বিচৰা মতেই…

ৰাইজে বিচৰা মতেই হ’ল। পুখুৰীত পৰি মৃত্যু হ’ল ধিঙৰ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত তফাজ্জুল ইছলামৰ। আৰক্ষীৰ দাবী- নিশা অভিযানৰ সময়তে হেণ্ডকাফসহ পুখুৰীত জাঁপ মাৰি পলায়নৰ চেষ্টা কৰিছিল তফাজ্জুলে। শনিবাৰে পুৱা SDRF-এ উদ্ধাৰ কৰিছে তফাজ্জুলৰ মজতদেহ। ঘটনাক লৈ জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে ধিং আৰক্ষীয়ে। ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত আন দুই অভিযুক্ত পলাতক হৈ আছে। নিহত তফাজ্জুলৰ মৃতদেহৰ জানাজা নকৰাৰ সিদ্ধান্ত লৈছে ধিং বৰভেটিৰ ইছলাম ৰাইজে। তেজপুৰতো কিশোৰীৰ শ্লীলতা হানিৰ চেষ্টা কৰা এজন কিশোৰলৈ গুলী তেজপুৰ আৰক্ষীৰ। সান্ধ্য ভ্ৰমণলৈ যোৱা ২ কিশোৰীৰ শ্লীলতা হানিৰ চেষ্টা চলাইছিল দুজন কিশোৰে। এজন পলাতক হৈ আছে।

ৰাইজে বিচৰা মতেই…
ৰাইজে বিচৰা মতেই শাস্তি পাইছে ধৰ্ষণৰ অভিযুক্তই
ধিং ধৰ্ষণৰ এটা অভিযুক্ত পুখুৰীত পৰি মৰিল
তেজপুৰত কিশোৰীৰ শ্লীলতা হানি কৰি গুলী খালে কিশোৰে


সমগ্ৰ ৰাজ্য জোকাৰি গৈছে ধিঙৰ দশম শ্ৰেণীৰ ছাত্ৰীৰ জঘন্য ধৰ্ষণ কাণ্ডই। ধৰ্ষণকাৰীৰ শাস্তিৰ দাবীত ৰাজপথলৈ ওলাই আহিছে অসমীয়া। আইনী বিচাৰ প্ৰক্ৰিয়ালৈ ৰ’বলৈ সময় নাই ৰাইজৰ। তাৎক্ষণিক ন্যায় লাগে অসমৰ ৰাইজক। Instant Justiceৰ পোষকতা মুখ্যমন্ত্ৰীৰো।

শুকুৰবাৰে ধিং আৰক্ষীৰ জালত পৰিছিল নাবালিকা ধৰ্ষণৰ অন্যতম মুখ্য অভিযুক্ত তফজ্জুল ইছলাম। টিউচনৰ পৰা উভতি আহোঁতে দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল দশম শ্ৰেণীৰ ছাত্ৰীগৰাকী। ধৃত তফজ্জুলক লগত লৈ নিশা অভিযান চলাইছিল ধিং আৰক্ষীয়ে। এই অভিযানৰ সময়তে এটা পুখুৰীত ৰহস্যজনক ভাৱে পৰি মৃত্যু হৈছিল তফজ্জুলৰ। পিছত আৰক্ষীৰ দাবী- হেণ্ডকাফসহ পুখুৰীত জাঁপ দি পলায়নৰ চেষ্টা চলাইছিল তফজ্জুল ইছলামে। পুৱা SDFRৰ অভিযানত পুখুৰীৰ পৰা উদ্ধাৰ হৈছিল হেণ্ডকাফ লগাই থোৱা তফজ্জুলৰ মৃতদেহ। পুৱালৈ বনজুইৰ দৰে বিয়পি পৰিছিল ১৪ বছৰীয়া কিশোৰীৰ ধৰ্ষণৰ অভিযুক্ত তফজ্জুল ইছলামৰ পানীত পৰি মৃত্যু হোৱাৰ খবৰ।

অভিযুক্তৰ বিৰুদ্ধে গৰজি উঠিছে ধিঙৰ বৰভেটিৰ ৰাইজ। ধৰ্ষণৰ দৰে জঘণ্য ঘটনাত জড়িতৰ অভিযোগত তফজ্জুলৰ পৰিয়ালক এঘৰীয়া কৰিলে ৰাইজে। সৰ্বসন্মতিক্ৰমে বৰভেটি মুছলমান ৰাইজে সিদ্ধান্ত ল’লে- ধৰ্ষণকাৰী ৰাজহুৱা জানাজা নহ’ব।

ইয়াৰ মাজতে ১৪ বছৰীয়া কিশোৰী গৰাকীৰ ধৰ্ষণত জড়িত আন দুই অভিযুক্তকো চিনাক্ত কৰিলে ধিং আৰক্ষীয়ে। পলাতক দুই অভিযুক্ত- গোলাপ উদ্দিন আৰু ফৰিদুল। গোলাপ উদ্দিন পেচাত নাপিত, ফৰিদুল গাড়ীচালক। দুয়োৰে সন্ধানত মাৰাথান অভিযান অব্যাহত ৰাখিছে ধিং আৰক্ষীয়ে। দুই পলাতক অভিযুক্তৰ গ্ৰেপ্তাৰৰ দাবীত শনিবাৰেও প্ৰতিবাদ হ’ল ধিঙত। শ শ মহিলাই ওলাই আহি দাবী কৰিলে- পলাতক দুই অভিযুক্তকো গ্ৰেপ্তাৰ কৰি শাস্তি দিয়ক।

১৪ বছৰীয়া কিশোৰীৰ ধৰ্ষণক লৈ ধিং উতলি থকাৰ সময়তে তেজপুৰত আন এটা কিশোৰলৈ আৰক্ষীৰ গুলী। সান্ধ্য ভ্ৰমণলৈ যোৱা ২ কিশোৰীক শ্লীলতা হানিৰ চেষ্টা চলাইছিল ২ কিশোৰে। ২ কিশোৰীৰ শৰীৰৰ বিভিন্ন অংশত হাত দিছিল দুয়ো। তাৰেই এটা কিশোৰক ৰাইজে কৰায়ত্ত কৰিছিল। পলাতক হৈ থকা আনটো কিশোৰক আটক কৰিবলৈ গৈছিল আৰক্ষী। তেতিয়াই পলায়নৰ চেষ্টা কৰা কিশোৰলৈ আৰক্ষীৰ গুলী। সোঁ ভৰিত গুলীবিদ্ধ কিশোৰটোক TMCHত ভৰ্তি কৰা হৈছে। এই দুই কিশোৰৰ গ্ৰেপ্তাৰৰ দাবীতো তেজপুৰত হৈছিল দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ।

মুঠৰ ওপৰত ৰাইজে বিচৰা মতেই হৈছে সকলো। কোনোবাই যদি গুলী খাইছে, কোনোবা আকৌ পানীত পৰি মৰিছে। ধৰ্ষণকাৰীৰ এনে শাস্তিয়েই ৰাইজৰ কাম্য। অৱশ্যে দেশৰ নতুন ন্যায় সংহিতাতো ধৰ্ষণকাৰীৰ মৃত্যুদণ্ডৰে বিধান আছে।

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...