জনপ্ৰিয় চলচ্চিত্ৰ তাৰকাৰ শীৰ্ষস্থানত আলিয়া ভা

জনপ্ৰিয় চলচ্চিত্ৰ তাৰকাৰ শীৰ্ষস্থানত আলিয়া ভাট। সৰ্বাধিক জনপ্ৰিয় মহিলা তাৰকা হিচাপে পৰিগণিত আলিয়া। দীপিকা পাডুকন আৰু সামান্থা ৰুথ প্ৰভুক পিছ পেলালে আলিয়াই।

সমান্তৰালকৈ আন ৯ গৰাকী জনপ্ৰিয় অভিনেত্ৰীকো পিছ পেলালে আলিয়া ভাটে। ২০২৪ৰ আটাইতকৈ জনপ্ৰিয় মহিলা অভিনেত্ৰী হিচাপে স্থান লাভ কৰিলে বলীউডৰ গংগুবায়ে। ‘অৰ্মেক্স ৰিপ’ৰ্ট ২০২৪’ৰ তথ্য অনুসৰি ভাৰতীয় চিনেমাৰ বহু জনপ্ৰিয় অভিনেত্ৰীক অতিক্ৰম কৰিছে আলিয়া ভাটে। পূৰ্বে শীৰ্ষ ১০ গৰাকী জনপ্ৰিয় মহিলা অভিনেত্ৰীৰ তালিকাত আছিল দীপিকা পাডুকন, কেটৰিণা কাইফ আৰু দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু ।

সমান্তৰালকৈ আছিল কাজল আগৰৱাল, নয়নতাৰা, কেটৰিণা কাইফ, তৃষা কৃষ্ণণ। আছিল কিয়াৰা আদৱানী, কৃতি সেনন, ৰশ্মিকা মান্দান্নাও। এই আটাইকেইগৰাকী সুন্দৰীকে চেৰ পেলাই শীৰ্ষ ১০ৰ তালিকাত প্ৰথম দখল কৰিছে আলিয়াই। ইতিমধ্যে বলীউডৰ বহুকেইখন জনপ্ৰিয় ছবিত অভিনয় কৰিছে আলিয়া ভাটে। অভিনয়েৰেই বুটলিছে অলেখ জনপ্ৰিয়তা।

বলীউডৰ আগন্তুক চিনেমা জিগ্ৰাতো দেখা যাব আলিয়া ভাটক। চলিত বৰ্ষৰ ১১ অক্টোবৰত ছবিগৃহত মুক্তিলাভ কৰিব জিগ্ৰা। ছবিখনত আলিয়াৰ সৈতে মুখ্য চৰিত্ৰত দেখা যাব অভিনেতা বেদাংগ ৰাইনাক।

ইপিনে স্বামী ৰণবীৰ কাপুৰৰ সৈতে ব্ৰহ্মাস্ত্ৰ 2 ছবিখনতো দেখা যাব আলিয়াক। খুব কম বয়সৰ পৰাই নিজৰ প্ৰতিভাৰে বলীউডত জিলিকি আছে মহেশ ভাটৰ কন্যা আলিয়া। দেশী-বিদেশী অগণন অনুৰাগীৰ হৃদয় জিনি আজি দেশৰ শীৰ্ষ জনপ্ৰিয় অভিনেত্ৰীৰ তালিকাত প্ৰথম স্থান দখল আলিয়া ভাটৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...