নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিছে অসম আৰক্ষী

কাৰ্বি আংলঙৰ সদৰ ডিফুত মঙলবাৰে সৃষ্টি হয় এক যুদ্ধ সদৃশ পৰিস্থিতিৰ। কাৰ্বি আংলঙৰ PGR-VGR ভূমিত উচ্ছেদৰ দাবীৰে ডিফুত বাহিৰ কৰা হৈছিল সমদল। এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল বিভিন্ন দল সংগঠনৰ শ শ পুৰুষ মহিলাই। প্ৰতিবাদকাৰীসকলে ডিফুৰ বিৰলা অঞ্চলৰ পৰা বাহিৰ কৰিছে প্ৰতিবাদী সমদল। বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰা এই প্ৰতিবাদৰ সময়তে ডিফুৰ আমোলাপট্টীত প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে আৰক্ষী নিৰাপত্তাৰক্ষীৰ বিশাল বাহিনীয়ে। কিন্তু আৰক্ষীৰ বাধা নেওচি প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ অব্যাহত ৰখাৰ চেষ্টা কৰে। তেতিয়াই আৰক্ষীৰে সংঘাতৰ সৃষ্টি হয় প্ৰতিবাদকাৰী মাজত।

প্ৰতিবাদকাৰীয়ে কাৰ্বি আংলং স্বায়ত্ত্ব শাষিত পৰিষদৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ চেষ্টা অব্যাহত ৰাখে। আৰক্ষীৰ পথ নিৰ্দেশনা নমনা বাবেই আৰক্ষীয়ে বাধা প্ৰদান কৰি এটা সময়ত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰা নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত কৰে লাঠিচালনা। লাঠিচালনাই নহয় প্ৰতিবাদকাৰীক চত্ৰভংগ দিয়াবলৈ কৰে শূন্যলৈ গুলীচালনা। কিন্তু শূন্যলৈ গুলী চলোৱাৰ নামত যেন এক প্ৰকাৰ গুলীৰ বৰষুণহে কৰে তুলীৰামৰ বিশাল বাহিনীয়ে। আৰক্ষীৰ অত্যাচাৰত আহত হয় কেইবাজনো প্ৰতিবাদকাৰী। আহত প্ৰতিবাদকাৰীসকলক পিছত ভৰ্তি কৰোৱা হয় ডিফু মেডিকেল কলেজ হাস্পতালত। অৰ্ধ শতাধিক প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে।

PGR-VGR ভূমিত উচ্ছেদৰ দাবীৰে ৰাইজে সাব্যস্ত কৰা প্ৰতিবাদ ৰোধৰ নামত কাৰ্বি আংলঙৰ আৰক্ষী প্ৰশাসনে প্ৰদৰ্শন কৰা কঠোৰতাকলৈ পাহাৰীয়া জিলাখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। তুলীৰাম ৰংহাং নেতৃত্বাধীন কাৰ্বি আংলং প্ৰশাসনে প্ৰতিবাদ দমনৰ নামত প্ৰদৰ্শন কৰা বৰ্বৰতাক গৰিহণা দিছে বিৰোধীৰ লগতে স্থানীয় দল সংগঠনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ঐতিহাসিক পদক্ষেপ: গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ

উত্তৰ-পূব ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰি...

ভাৰতৰ দৰে বাংলাদেশতো শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী: গঠন হ’ল ‘ব্ৰইলাৰ চিকেন পাৰ্টী’

বৰ্তমান ভাৰত আৰু চুবুৰীয়া দেশ বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ মাজত...

নেপালত Gen-Z প্ৰজন্মৰ প্ৰতিবাদ: প্ৰধানমন্ত্ৰী বলেন শ্বাহৰ বিৰুদ্ধে ক্ষোভৰ কাৰণ কি?

নেপালৰ ৰাজধানী কাঠমাণ্ডুত পুনৰ তীব্ৰ চৰকাৰ বিৰোধী প্ৰতিবাদ গঢ়ি...