২০ বছৰীয়া খাদিজাক কোনে ক’লৈ লৈ গ’ল?

২০ বছৰীয়া খাদিজাক কোনে ক’লৈ লৈ গ’ল?
বজাৰলৈ যাওঁ বুলি গৈ নিৰুদ্দেশ খাদিজা বেগম
অপহৰণৰ সন্দেহ পৰিয়ালৰ

এইগৰাকী ২০ বছৰীয়া খাদিজা বেগম। কামৰূপৰ গৰৈমাৰীৰ খাদিজা কিছুদিন পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল। যোৱা ১২ তাৰিখে বৰাখাটৰ পিতৃগৃহলৈ আহিছিল খাদিজা। তেতিয়াৰ পৰা পিতৃগৃহতে আছিল ২২ জুলাইত ওলাই গৈছিল বজাৰলৈ।

আচলপাৰা বজাৰলৈ যোৱাৰ পৰাই খাদিজাৰ কোনো সন্ধান নাই। ঘৰলৈ ঘূৰি নহা কন্যাৰ এতিয়ালৈ সন্ধান পোৱা নাই। বিচাৰ-খোচাৰ কৰি কোনো সূংশুত্ৰ নাপাই অৱশেষত পৰিয়াল কাষ চাপিল আৰক্ষীৰ দাখিল কৰিলে এজাহাৰ। অপহৰণ কৰাৰ সন্দেহ।

বিগত সময়ছোৱাত দৰিদ্ৰ পৰিয়ালৰ যুৱতী-মহিলা টাৰ্গেট হৈছে নাৰী সৰবৰাহকাৰী চক্ৰৰ। কোনো ব্যৱসায়ীয়ে প্ৰেমৰ চলনাৰে অপহৰণ কৰি বহিঃৰাজ্যত বিক্ৰী কৰিবলৈ খাদিজাক লৈ যোৱাৰ সন্দেহ পৰিয়ালৰ।

আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত। এই পৰ্যন্ত কিন্তু কোনো তথ্য উদঘাতন কৰিব পৰা নাই খাটিজা সন্দৰ্ভত। কন্যাক বিচাৰি চলাথ কৰিছে পৰিয়ালে। চকুত টোপনি নাই। 7086441095 নম্বৰৰ পৰা ছোৱালীজনীৰ পৰিয়াললৈ আহিছিল ফোন। সেই ফোনৰ পৰাই কথা পাতিছিল খাদিজায়ো। তাৰ পাছৰ পৰা আৰু খবৰ নাই। এতিয়া অপেক্ষা আৰক্ষীৰ অভিযানলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...