পূৰ্ণগতিত চলিছে পেৰিছ অলিম্পিকৰ যো-জা

বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া সমাৰোহ অলিম্পিকলৈ মাজত মাথোঁ ৫টা দিন। অলিম্পিক আয়োজনৰ বাবে পেৰিছ মহানগৰী হৈ উঠিছে সম্পূৰ্ণ সাজু। ইতিমধ্যে মহানগৰখনলৈ আৰম্ভ হৈছে বিভিন্ন দেশৰ খেলুৱৈ-কৰ্মকৰ্তাসকলৰ আগমন। পেৰিছ অলিম্পিকৰ বাবে ২৬ জুলাইত অনুষ্ঠিত হ’বলগা উদ্বোধনী অনুষ্ঠান আকৰ্ষণীয় কৰি তোলাৰ বাবে চেষ্টাৰ ক্ৰুটি কৰা নাই ফ্ৰান্সে।

উদ্বোধনী অনুষ্ঠানৰ অন্যতম চমক হ’ব ৰিভাৰ পেৰেড। পেৰিছ মহানগৰীৰ বুকুৱেদি বৈ যোৱা চিয়েন নৈত হ’ব এই পেৰেড। চিয়েন নৈৰ মাজেদি ৬ কিঃমিঃ পথ অতিক্ৰম কৰিব খেলুৱৈসকলে। ষ্টেডিয়ামত সোমাৱাৰ পূৰ্বে পেৰিছৰ স্মাৰকসমূহ প্ৰত্যক্ষ কৰিব খেলুৱৈয়ে। চিয়েন নৈত ৯৪খন জাহাজেৰে নৌকা বিচৰণ কৰিব খেলুৱৈ-কৰ্মকৰ্তাসকলে। চিয়েনৰ দুয়ো পাৰে প্ৰায় ৩ লাখ দৰ্শকে অভিবাদন জনাব খেলুৱৈসকলক।

প্ৰায় ১০০ বছৰ পূৰ্বে ১৯২৪ চনত পেৰিছে ২য়বাৰৰ বাবে অলিম্পিক আয়োজন কৰিছিল। ১৮৯৬ চনত আধুনিক অলিম্পিক হোৱাৰ পিছত ১৯০০ চনত ২য়খন অলিম্পিক আয়োজন কৰিছিল পেৰিছে। এইবাৰৰ সৈতে ৩য়বাৰলৈ অলিম্পিক আয়োজন কৰি সৰ্বাধিক ৩ বাৰ অলিম্পিক আয়োজনৰ এক বিৰল অভিলেখ কৰিবলৈ সক্ষম হ’ল পেৰিছ। পূৰ্বে কেৱল লণ্ডন মহানগৰীয়েহে ৩বাৰকৈ অলিম্পিক আয়োজনৰ কৃতিত্ব অৰ্জন কৰিছিল।

অলিম্পিকৰ খেলুৱৈসকলৰ বাবে নিৰ্মাণ কৰা হৈছে গেমছ ভিলেজ। এইবাৰৰ গেমছ ভিলেজত আছে সুউচ্চ ৪০টা অট্টালিকা। প্ৰদূষণ কমোৱাৰ ব্যৱস্থা কৰি নিৰ্মাণ কৰা হৈছে গেমছ ভিলেজ। পেৰিছ অলিম্পিকৰ গেমছ ভিলেজত আছে ২৮০০টা কোঠা। প্ৰদূষণ ৰোধিবলৈ শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ ব্যৱহাৰ কৰা হোৱা নাই গেমছ ভিলেজত। গেমছ ভিলেজ এলেকাৰ তাপমান ৬ ডিগ্ৰীৰ নিম্নত ৰখাৰ ব্যৱস্থা।

গেমছ ভিলেজৰ বাবে ফ্ৰান্সে ব্যৱহাৰ কৰিছে উন্নত প্ৰযুক্তি। গেমছ ভিলেজৰ ভিতৰত লগোৱা হৈছে অসংখ্য গছ গছনি। ভিলেজৰ বাবে সুকীয়া খোৱাপানীৰ যোগান ব্যৱস্থা কৰা হৈছে। গেমছ ভিলেজত প্ৰায় ৩ লাখ আচবাব পত্ৰ ব্যৱহাৰ হ’ব যিবোৰ পুনৰ ব্যৱহাৰৰ যোগ্য। মুঠতে গেমছ ভিলেজৰ সকলো ব্যৱস্থাই পৰিৱেশ অনুকুল কৰি তোলা হৈছে। ইতিমধ্যে পেৰিছলৈ আগমন আৰম্ভ হৈছে খেলুৱৈ, কৰ্মকৰ্তাৰ। ২৬ জুলাইৰ পৰা বিশ্বৰ সকলো ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি নিবদ্ধ হ’ব ক্ৰীড়া ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ এই ক্ৰীড়া মহাৰণত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...