প্ৰেমৰ আকুল আহ্বানত পোলেণ্ডৰ মেকডালিনা আহি পালে তেজপুৰ

এটা যুগ গৰকা প্ৰেমকাহিনীৰ মধুময় পৰিণতি। আম্বানি তনয়ৰ বিয়াৰ খবৰত দেশ-বিদেশ তোলপাৰ। তাৰ মাজতে চৰ্চা চলিছে এখন বিশেষ বিয়াৰ। বিবাহৰ স্থানঃ তেজপুৰৰ কেতেকীবাৰী। কইনা হৈছে পোলেণ্ডৰ মেকডালিনা। প্ৰেমৰ নগৰী শোণিতপুৰৰ পৰা পোখা মেলিছিল এই কাহিনীৰ। দৰা তেজপুৰ কেতেকীবাৰীৰ জিষ্ণুপ্ৰতীম দাস।

ভবা মতেই কাম। প্ৰেমৰ আকুল আহ্বানত পোলেণ্ডৰ মেকডালিনা আহি পালে তেজপুৰ। অভ্যাগতৰ অভ্যৰ্থনাৰে চলিল বিবাহ কাৰ্যসূচী। স্বাভাৱিক বৈদিক ৰীতি-নীতিৰে আৰম্ভ হ’ল বিবাহ পৰ্ব। অসমীয়া ধৰণেৰে নিজকে সজোৱা মেকডালিনাই দাপোনতে এপলক চালে নিজকে। অপেক্ষাৰত দৰাৰ কাষলৈ বৰকাপোৰেৰে আৱৰি কইনাক উলিয়াই আনিলে এইদৰে। উৰুলি জোকাৰেৰে মংগলময় বিবাহ থলী। হাতত জেতুকা, দেহত মাহ হালধিৰ গোন্ধ।

ৰীতি মতেই বৰে মালা পিন্ধালে কইনাক। প্ৰতি উত্তৰেৰে বৰমালা পিন্ধালে মেকডালিনাই। চলি থকা আচাৰ ৰীতি কোনোকালেই পোৱা নাই মেকডালিনাই। তথাপিও হাঁহি হাঁহিয়েই পালি গ’ল প্ৰতিটো নীতি। আয়তীৰ উৰুলি আৰু বিয়ানামেৰে মুখৰিত পৰিৱেশত পুৰুহিতৰ মন্ত্ৰোচাৰণেৰে অগ্নিক সাক্ষী কৰি পাতনি মেলিলে দাম্পত্য জীৱনৰ৷ কইনাৰ আছিল পোলেণ্ডতে চাকৰি। এবছৰৰ বাবে আহিছে ভিছাৰ নিয়ম অনুসৰি। ঘৰলৈ অহা বোৱাৰীক আদৰি আত্মহাৰা জিষ্ণুৰ মাতৃ।

ফেচবুকৰ প্ৰেমৰ বহু কাহিনী আপুনি দেখিছে শুনিছে। অনলাইনত হোৱা চল চাতুৰিৰো সাক্ষী হৈ ৰৈছে আপুনি। কিন্তু তাৰ মাজতে থাকে বহু ইতিবাচক কাহিনী। তাৰ মাজতে থাকে ৰৈ বৈ যোৱা কিছু কাহিনী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...