প্ৰেমৰ আকুল আহ্বানত পোলেণ্ডৰ মেকডালিনা আহি পালে তেজপুৰ

এটা যুগ গৰকা প্ৰেমকাহিনীৰ মধুময় পৰিণতি। আম্বানি তনয়ৰ বিয়াৰ খবৰত দেশ-বিদেশ তোলপাৰ। তাৰ মাজতে চৰ্চা চলিছে এখন বিশেষ বিয়াৰ। বিবাহৰ স্থানঃ তেজপুৰৰ কেতেকীবাৰী। কইনা হৈছে পোলেণ্ডৰ মেকডালিনা। প্ৰেমৰ নগৰী শোণিতপুৰৰ পৰা পোখা মেলিছিল এই কাহিনীৰ। দৰা তেজপুৰ কেতেকীবাৰীৰ জিষ্ণুপ্ৰতীম দাস।

ভবা মতেই কাম। প্ৰেমৰ আকুল আহ্বানত পোলেণ্ডৰ মেকডালিনা আহি পালে তেজপুৰ। অভ্যাগতৰ অভ্যৰ্থনাৰে চলিল বিবাহ কাৰ্যসূচী। স্বাভাৱিক বৈদিক ৰীতি-নীতিৰে আৰম্ভ হ’ল বিবাহ পৰ্ব। অসমীয়া ধৰণেৰে নিজকে সজোৱা মেকডালিনাই দাপোনতে এপলক চালে নিজকে। অপেক্ষাৰত দৰাৰ কাষলৈ বৰকাপোৰেৰে আৱৰি কইনাক উলিয়াই আনিলে এইদৰে। উৰুলি জোকাৰেৰে মংগলময় বিবাহ থলী। হাতত জেতুকা, দেহত মাহ হালধিৰ গোন্ধ।

ৰীতি মতেই বৰে মালা পিন্ধালে কইনাক। প্ৰতি উত্তৰেৰে বৰমালা পিন্ধালে মেকডালিনাই। চলি থকা আচাৰ ৰীতি কোনোকালেই পোৱা নাই মেকডালিনাই। তথাপিও হাঁহি হাঁহিয়েই পালি গ’ল প্ৰতিটো নীতি। আয়তীৰ উৰুলি আৰু বিয়ানামেৰে মুখৰিত পৰিৱেশত পুৰুহিতৰ মন্ত্ৰোচাৰণেৰে অগ্নিক সাক্ষী কৰি পাতনি মেলিলে দাম্পত্য জীৱনৰ৷ কইনাৰ আছিল পোলেণ্ডতে চাকৰি। এবছৰৰ বাবে আহিছে ভিছাৰ নিয়ম অনুসৰি। ঘৰলৈ অহা বোৱাৰীক আদৰি আত্মহাৰা জিষ্ণুৰ মাতৃ।

ফেচবুকৰ প্ৰেমৰ বহু কাহিনী আপুনি দেখিছে শুনিছে। অনলাইনত হোৱা চল চাতুৰিৰো সাক্ষী হৈ ৰৈছে আপুনি। কিন্তু তাৰ মাজতে থাকে বহু ইতিবাচক কাহিনী। তাৰ মাজতে থাকে ৰৈ বৈ যোৱা কিছু কাহিনী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১.১০ লাখ কোটি টকাৰ সামৰিক সঁজুলি ক্ৰয়ত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অনুমোদন

ভাৰতীয় স্থল সেনা, নৌসেনা আৰু বায়ুসেনাৰ সামৰিক সক্ষমতা অধিক...

ৰাসায়নিক কৃষিৰ বিকল্পৰ সন্ধানত অসমৰ পাঁচ উদ্যমী মহিলা

জৈৱিক পদ্ধতিৰে চাবোন, কেঁচুসাৰ, প্ৰাকৃতিক কীটনাশক আৰু বিভিন্ন খাদ্যসামগ্ৰী...

ভাৰতীয় সেনাত লেফটেনেন্ট হিচাপে নিযুক্তি যোৰহাটৰ অয়ন আবিৰ শৰ্মাৰ

যোৰহাটৰ সন্তান অয়ন আবিৰ শৰ্মাই ভাৰতীয় সেনাবাহিনীত লেফটেনেন্ট হিচাপে...

ACS বিষয়া দেৱেশ্বৰ বৰা অনিয়মৰ কাহিনী শুনিলে আপোনাৰে চকু কপালত উঠিব

প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ৰ এগৰাকী বিষয়াৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতি আৰু...