চতুৰ্থবাৰৰ বাবে ইউৰো কাপ দখল কৰিলে স্পেইনে

চতুৰ্থবাৰৰ বাবে ইউৰো কাপ দখল কৰিলে স্পেইনে। ২-১ গ’ল ইংলেণ্ডক পৰাভূত কৰি চেম্পিয়ন হ’ল স্পেইন। ১২ বছৰৰ পাছত পুনৰ ইউৰো কাপ আহিল ৰঙা জাৰ্চী স্পেইনৰ হাতলৈ। ৫৮ বছৰ অপেক্ষা কৰাৰ পাছতো সাৰ্থক নহ’ল ইংলেণ্ডৰ সপোন। দেওবাৰৰৰ দিনটো স্পেইনৰ বাবে হৈ পৰিল অনবদ্য। উইম্বলডনত ন’ভাক জক’ভিচক পৰাস্ত কৰি ট্রফী হাতত তুলি লৈছিল স্পেইনৰ কাৰলোজ আলকাৰাজে। একেটা দিনতে ইউৰো কাপৰো চেম্পিয়ন হ’ল স্পেইন। জাৰ্মানীৰ বাৰ্লিনত অনুষ্ঠিত ইউৰো কাপৰ ফাইনেলত স্পেইনে দৰ্শনীয় খেলেৰে দখল কৰিলে ইউৰো কাপ। স্পেইনৰ হৈ খেলৰ ৪৭ মিনিটৰ প্ৰথমটো গ’ল দিয়ে নিকো উলিয়ামছে। ৭৩ মিনিটত ইংলেণ্ডৰ ক’ল পালমাৰে একমাত্র গ’লটো দি সমতা স্থাপন কৰে। ৮৬ মিনিটত স্পেইনৰ হৈ বিজয়সূচক গ’ল দিয়ে নিকেল উয়েজাব’লে। ইফালে কোপা আমেৰিকাৰ ফাইনেলত খিতাপৰ যুঁজত নামিছে আৰ্জেণ্টিনা আৰু কলম্বিয়া। বৰ্তমান চলি আছে খেলখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...