সুদীৰ্ঘ ৪৬ বছৰৰ মূৰত মুকলি কৰা হ’ল পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ

সুদীৰ্ঘ ৪৬ বছৰৰ মূৰত দেওবাৰে মুকলি কৰা হ’ল পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ। কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত বিয়লি ১ বাজি ২৮ মিনিটত মুকলি কৰা হয় ৰত্ন ভাণ্ডাৰ। ওড়িশা চৰকাৰে গঠন কৰা ১১জনীয়া কমিটিৰ সদস্যসকলে জগন্নাথ মন্দিৰত প্ৰৱেশ কৰি ৰত্ন ভাণ্ডাৰ মুকলি কৰে। এই ৰত্ন ভাণ্ডাৰত আছে ভগৱান জগন্নাথ, ভাতৃ বলোভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ বিভিন্ন আ-অলংকাৰ। বিভিন্ন সময়ত ভক্তসকলে আগবঢ়াই অহা এই মূল্যবান আ-অলংকাৰ সুৰক্ষিত কৰি ৰখা হৈছে ৰত্ন ভাণ্ডাৰৰ ভিতৰত। শতিকাজুৰি প্ৰভু জগন্নাথলৈ আগবঢ়োৱা মূল্যবান আ-অলংকাৰ সঞ্চয়ৰ বাবে ৰখা ৰত্ন ভাণ্ডাৰ দুটা ভাগত বিভক্ত কৰা হৈছে। ৰত্ন ভাণ্ডাৰৰ বাহিৰভাগ সময়ে সময়ে মুকলি কৰি অহা হয় যদিও ভিতৰৰ কক্ষটো দীৰ্ঘসময় ধৰি বন্ধ কৰি ৰখা হৈছিল। ১৯৭৮ চনত অন্তিমবাৰৰ বাবে মুকলি কৰা হৈছিল এই বাহিৰৰ কক্ষটো। উল্লেখ্য যে ৰত্ন ভাণ্ডাৰ সংৰক্ষিত কৰি ৰখা অঞ্চলটোত সাপ থকা বুলি চৰ্চিত হৈ অহা হেতুকে কমিটিৰ সদস্যসকলৰ লগতে সাপ ধৰাৰ বাবে আন দুটা দলেও মন্দিৰত ভিতৰত প্ৰৱেশ কৰে। ৰাজ্য চৰকাৰৰ SOP অনুসৰি এই ৰত্ন ভাণ্ডাৰ মুকলিৰ সকলো প্ৰক্ৰিয়া সম্পন্ন কৰা হয়। নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰৰ চৌপাশে CCTVৰ ব্যৱস্থা কৰাৰ লগতে নিৰাপত্তাৰক্ষীকো সষ্টম কৰি ৰখা হয়। প্ৰাথমিক তথ্য অনুসৰি ৰত্ন ভাণ্ডাৰত জগন্নাথৰ বৈদুৰ্য মণি আৰু নীলকান্ত মণিৰ লগতে আন বহু মূল্যবান সামগ্ৰী আছে। ৰত্ন ভাণ্ডাৰৰ পৰা উলিওৱা মূল্যবান ৰত্নসমূহ বিশেষ বাকচত ভৰাই ষ্ট্ৰং ৰূমত ৰখাৰ ব্যৱস্থা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...