সুদীৰ্ঘ ৪৬ বছৰৰ মূৰত মুকলি কৰা হ’ল পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ

সুদীৰ্ঘ ৪৬ বছৰৰ মূৰত দেওবাৰে মুকলি কৰা হ’ল পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ। কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত বিয়লি ১ বাজি ২৮ মিনিটত মুকলি কৰা হয় ৰত্ন ভাণ্ডাৰ। ওড়িশা চৰকাৰে গঠন কৰা ১১জনীয়া কমিটিৰ সদস্যসকলে জগন্নাথ মন্দিৰত প্ৰৱেশ কৰি ৰত্ন ভাণ্ডাৰ মুকলি কৰে। এই ৰত্ন ভাণ্ডাৰত আছে ভগৱান জগন্নাথ, ভাতৃ বলোভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ বিভিন্ন আ-অলংকাৰ। বিভিন্ন সময়ত ভক্তসকলে আগবঢ়াই অহা এই মূল্যবান আ-অলংকাৰ সুৰক্ষিত কৰি ৰখা হৈছে ৰত্ন ভাণ্ডাৰৰ ভিতৰত। শতিকাজুৰি প্ৰভু জগন্নাথলৈ আগবঢ়োৱা মূল্যবান আ-অলংকাৰ সঞ্চয়ৰ বাবে ৰখা ৰত্ন ভাণ্ডাৰ দুটা ভাগত বিভক্ত কৰা হৈছে। ৰত্ন ভাণ্ডাৰৰ বাহিৰভাগ সময়ে সময়ে মুকলি কৰি অহা হয় যদিও ভিতৰৰ কক্ষটো দীৰ্ঘসময় ধৰি বন্ধ কৰি ৰখা হৈছিল। ১৯৭৮ চনত অন্তিমবাৰৰ বাবে মুকলি কৰা হৈছিল এই বাহিৰৰ কক্ষটো। উল্লেখ্য যে ৰত্ন ভাণ্ডাৰ সংৰক্ষিত কৰি ৰখা অঞ্চলটোত সাপ থকা বুলি চৰ্চিত হৈ অহা হেতুকে কমিটিৰ সদস্যসকলৰ লগতে সাপ ধৰাৰ বাবে আন দুটা দলেও মন্দিৰত ভিতৰত প্ৰৱেশ কৰে। ৰাজ্য চৰকাৰৰ SOP অনুসৰি এই ৰত্ন ভাণ্ডাৰ মুকলিৰ সকলো প্ৰক্ৰিয়া সম্পন্ন কৰা হয়। নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰৰ চৌপাশে CCTVৰ ব্যৱস্থা কৰাৰ লগতে নিৰাপত্তাৰক্ষীকো সষ্টম কৰি ৰখা হয়। প্ৰাথমিক তথ্য অনুসৰি ৰত্ন ভাণ্ডাৰত জগন্নাথৰ বৈদুৰ্য মণি আৰু নীলকান্ত মণিৰ লগতে আন বহু মূল্যবান সামগ্ৰী আছে। ৰত্ন ভাণ্ডাৰৰ পৰা উলিওৱা মূল্যবান ৰত্নসমূহ বিশেষ বাকচত ভৰাই ষ্ট্ৰং ৰূমত ৰখাৰ ব্যৱস্থা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...