বিবাহ চলি থকা অৱস্থাত হঠাৎ অতিথি হ’ল আৰক্ষী-চাইল্ড লাইন

বাঙালীপাৰাৰ দেউচুঙা শান্তিপুৰত এগৰাকী কিশোৰীৰ ধুমধামৰে বিবাহৰ আয়োজন চলি আছিল। চিঠিযোগে পৰিয়ালৰ আমন্ত্ৰণমৰ্মে বিয়ালৈ সাজি-কাঁচি আহিছিল গাঁৱৰ ৰাইজৰ লগতে আলহী অতিথিও। ৰান্ধনীসকলেও মাছ-মাংসকে ধৰি বিধে বিধে খাদ্য প্ৰস্তুত কৰি অতিথিক আপ্যায়ন কৰিবলৈ একপ্ৰকাৰ সাজু হৈছিল। কিন্তু তেতিয়াই লাগিল অথন্তৰ। কইনা নাবালিকা বুলি আৰক্ষীয়ে চলালে অভিযান। লগত সহযোগী হ’ল স্বেচ্ছাসেৱী সংগঠন অসম চেণ্টাৰ ফৰ ৰুৰেল ডেভলপমেণ্ট আৰু চাইল্ড লাইনৰ কৰ্মকৰ্তা।

কইনাৰ বয়স হৈছে মাথোন ১৬ বছৰ ২ মাহ ২০ দিন। বিয়াৰ ৫ দিন পূৰ্বে উলিয়াইছিল বয়সৰ ভুৱা প্ৰমাণ-পত্ৰ। ভুৱা প্ৰমাণ-পত্ৰত কইনাৰ বয়স দেখুওৱা হৈছিল ১৯ বছৰ। দৰা আছিল ৰঙিয়াৰ ছাইদুল আলী নামৰ এজন যুৱক। তথ্য লাভৰ পিছতে স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত আৰক্ষীৰ অভিযান। বিয়াঘৰত লাগিল হুৱাদুৱা, পলাল পিতৃ ৰহিম আলী

নাবালিকাগৰাকীৰ বিয়া ঠিক হৈছিল ৰঙিয়াৰ এজন যুৱকৰ সৈতে। সন্ধিয়া আহিব দৰা। আৰক্ষী সাজু দৰাঘৰৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ। ইতিমধ্যে ভুৱা বয়সৰ প্ৰমাণপত্ৰ বনোৱা যুৱক এজনক আৰক্ষীয়ে সোধা পোছাৰ বাৱে আটক কৰিছে। তামুলপুৰ জিলাৰ গোৰেশ্বৰ আৰক্ষী, সুৱাগপুৰ আৰক্ষী, নাগ্ৰিজুলি আৰক্ষী বিবাহস্থলীত উপস্থিত নাবালিকাগৰাকীৰ বিবাহত বাধা প্ৰদান কৰে। বাল্য বিবাহৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ মাজতে দেউচুঙা শান্তিপুৰৰ এই বিবাহৰ যো-জাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...