ড’নাল্ড ট্ৰাম্পৰ ৰেলীত গুলীবৰ্ষণ

ড’নাল্ড ট্ৰাম্পৰ ৰেলীত গুলীবৰ্ষণ। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বেই এই অঘটন। পেনচিলভেনিয়াত এটা ৰেলীত সংঘটিত উদ্বেগজনক ঘটনা। আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি। ৰেলীত শুনা গৈছিল একাধিক গুলীৰ শব্দ। সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেতাজনৰ। এতিয়া ট্ৰাম্প নিৰাপদ বুলি দাবী ছিক্ৰেট ছাৰ্ভিছৰ। ঘটনাৰ লগে লগেই নিৰাপদ স্থানলৈ নিয়া হ’ল ট্ৰাম্পক। ট্ৰাম্পে ভাষণ আৰম্ভ কৰাৰ কিছু সময়ৰ পিছতে এই অঘটন। সামাজিক মাধ্যমৰ ভিডিঅ’ত দেখা গৈছে তেওঁৰ সোঁ কাণত, মুখৰ সোঁফালে তেজ। সমগ্ৰ সভাস্থলীত দেখা পোৱা গৈছিল বিধ্বস্ত পৰিৱেশ। ঘটনাৰ সময়ত এখন হেলিকপ্টাৰ দেখা পোৱা গৈছিল আকাশমাৰ্গত। ঘটনাক কেন্দ্ৰ কৰি বাইডেনে প্ৰকাশ কৰিছে মন্তব্য। ট্ৰাম্পৰ সুস্থতাৰ খবৰত সন্তুষ্টি প্ৰকাশ বাইডেনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...