মৃতদেহ সৎকাৰ কৰিবলৈ গৈ শেষ হৈ গ’ল ৪টাকৈ জীৱন

কোনে জানে, কাৰ মৃত্যু কেনেকৈ আহে! এটি মৃতদেহ সৎকাৰ কৰিবলৈ গৈছিল প্ৰায়২০জনকৈ লোক। মৃতদেহটো সৎকাৰ কৰি উভতি আহোতেই ঘটিল অনাকাংক্ষিত এক ঘটনা। বাঢ়নী পানীত নাও ডুবি শেষ হৈ গ’ল ৪টাকৈ জীৱন। ৰাজ্যত পুনৰ সংঘটিত হ’ল এক শোকাৱহ ঘটনা।

গোৱালপাৰাৰ শিমলীতোলাত বৃহস্পতিবাৰে সংঘটিত হয় শোকাৱহ নাও দুৰ্ঘটনা। এই দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে জিৎ কৰ্মকাৰ, প্ৰসেনজিৎ সাহা, সুজন মালাকৰ, গৌৰাংগ মালাকৰ নামৰ লোককেইজনে। বৃহস্পতিবাৰে জিৎ কৰ্মকাৰ, প্ৰসেনজিৎ সাহা, সুজন মালাকৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল যদিও সন্ধানহীন হৈ আছিল দুজনকৈ লোক। শুকুৰবাৰে পুৱা SDRF-এ অভিযান চলাই উদ্ধাৰ কৰে গৌৰাংগ মালাকৰ নামৰ লোকজনৰ মৃতদেহ। বৰ্তমানেও সন্ধান নাই উদয় সৰকাৰ নামৰ লোকজনৰ। দুৰ্ঘটনাগ্রস্ত নাওখনত আছিল প্ৰায় ২০জন লোক। মৃতদেহ সৎকাৰ কৰি উভতাৰ পথতে বাঢ়নী পানীত ডুব গৈছিল নাওখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...