শোকাৱহ! ভূমিস্খলনৰ ফলত নদীত উটি গ’ল দুখনকৈ বাছ

নেপালত পুৱতি নিশা সংঘটিত হয় ভয়াৱহ ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনৰ ফলত ত্ৰিশূলী নৈত বাগৰি পৰে দুখনকৈ বাছ। ভূমিস্খলনত দুয়োখন বাছত থকা ৬৩গৰাকীকৈ যাত্ৰী সন্ধানহীন। মধ্য নেপালৰ মদন-আশ্ৰী ঘাইপথত সংঘটিত হয় এই ঘটনা। পুৱতি নিশা ৩.৩০ বজাত সংঘটিত হয় এই শোকাৱহ ঘটনা। যাত্ৰীসকলক উদ্ধাৰৰ বাবে বৰ্তমানেও অব্যাহত অভিযান। বৰষুণৰ বাবে নৈৰ পানী বৃদ্ধি হোৱাত বাধাগ্ৰস্ত হৈছে উদ্ধাৰ অভিযান। ঘটনাত শোক প্ৰকাশ নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পা কমল দাহালৰ।

Popular

More like this
Related

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ

পঞ্জাৱৰ অমৃতসৰত এক গোপনীয় গুপ্তচৰবৃত্তি বিৰোধী অভিযানত পঞ্জাৱ আৰক্ষীয়ে...

দেওবাৰৰ পৰা বিহাৰত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া-২০২৫

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিভাসন্ধানী ৰাষ্ট্ৰীয় প্ৰতিযোগিতা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল। পেহেলগামৰ ঘটনাক লৈ...