মৃতদেহ সৎকাৰ কৰিবলৈ গৈ শেষ হৈ গ’ল ৪টাকৈ জীৱন

কোনে জানে, কাৰ মৃত্যু কেনেকৈ আহে! এটি মৃতদেহ সৎকাৰ কৰিবলৈ গৈছিল প্ৰায়২০জনকৈ লোক। মৃতদেহটো সৎকাৰ কৰি উভতি আহোতেই ঘটিল অনাকাংক্ষিত এক ঘটনা। বাঢ়নী পানীত নাও ডুবি শেষ হৈ গ’ল ৪টাকৈ জীৱন। ৰাজ্যত পুনৰ সংঘটিত হ’ল এক শোকাৱহ ঘটনা।

গোৱালপাৰাৰ শিমলীতোলাত বৃহস্পতিবাৰে সংঘটিত হয় শোকাৱহ নাও দুৰ্ঘটনা। এই দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে জিৎ কৰ্মকাৰ, প্ৰসেনজিৎ সাহা, সুজন মালাকৰ, গৌৰাংগ মালাকৰ নামৰ লোককেইজনে। বৃহস্পতিবাৰে জিৎ কৰ্মকাৰ, প্ৰসেনজিৎ সাহা, সুজন মালাকৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল যদিও সন্ধানহীন হৈ আছিল দুজনকৈ লোক। শুকুৰবাৰে পুৱা SDRF-এ অভিযান চলাই উদ্ধাৰ কৰে গৌৰাংগ মালাকৰ নামৰ লোকজনৰ মৃতদেহ। বৰ্তমানেও সন্ধান নাই উদয় সৰকাৰ নামৰ লোকজনৰ। দুৰ্ঘটনাগ্রস্ত নাওখনত আছিল প্ৰায় ২০জন লোক। মৃতদেহ সৎকাৰ কৰি উভতাৰ পথতে বাঢ়নী পানীত ডুব গৈছিল নাওখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...