কণ্ঠত যেন বাগদেৱীৰ বসতি…

কি শুনিব গীতা নে ভাগৱত? কি জানিব মহাভাৰত নে ৰামায়ণ? কি নাজানে তেওঁ? শিৱ তাণ্ডৱৰ পৰা আৰম্ভ কৰি অষ্টলক্ষ্মীলৈ…সকলো তেওঁৰ কণ্ঠস্থ। নাম স্নিগ্ধা পৰাশৰ। ঠিকনা চামগুৰিৰ ভেলেউগুৰি। ফুল এপাহৰ দৰেই সুকোমল ব্যক্তিত্বৰ ছোৱালীজনীৰ মুখেৰে নিগৰে মহাকাব্যৰ অমৃত বাণী। বয়সৰ জোখাৰে কণমানি স্নিগ্ধাই গাৱ পাৰে শিৱ স্ত্ৰোত্ৰম, দত্তাত্ৰেয়, নৱগ্ৰহ, কৃষ্ণাষ্টকম, অষ্টলক্ষ্মী নিৰৱধি। দীঘল দীঘল শ্লোক হেলাৰঙে গাই যায় কণমানি স্নিগ্ধাই। এই অভ্যাস কণমানিজনীৰ অতিকে পুৰণি।

পেচাত শিক্ষক পৰশমণি শৰ্মাৰ জীয়ৰী স্নিগ্ধাই পঢ়ে চামগুৰিস্থিত এখন ব্যক্তিগত বিদ্যালয়ত। ইংৰাজী মাধ্যমৰ শিক্ষাৰে দীক্ষিত স্নিগ্ধাৰ এই প্ৰতিভা পিতৃপ্ৰদত্ত।

তিনিবছৰ বয়সৰ পৰাই দেউতাকৰ সৈতে নিতৌ কণমানিজনীয়ে বিদ্যালয়ৰ পৰা উভতি আহি আজৰি সময়ত অভ্যাস কৰি আহিছিল জটিল সংস্কৃতিৰ শ্লোক অথবা স্তুতিসমূহ কণ্ঠস্থ কৰিবৰ বাবে। কালক্ৰমত এই অভ্যাসেই ৰূপ ল’লেগৈ এক সুন্দৰ প্ৰশংসনীয় প্ৰতিভাৰ। যি প্ৰতিভা এতিয়া অনুপ্ৰেৰণা তথা আদৰ্শ হৈ পৰিছে কণমানিজনীৰ সহপাঠী সমনীয়া সকলৰ লগতে আন বহুজন নৱপ্ৰজন্মৰ বাবে। কণমানি স্নিগ্ধাৰ ইয়াৰ বাহিৰেও আছে আন আন চখ। শ্লোক-স্তুতিসমূহ অনৰ্গলভাৱে গোৱা বা কণ্ঠস্থ কৰাত আছে স্নিগ্ধাৰ সুকীয়া অনুৰাগ। এই প্ৰতিভাৰে সমৃদ্ধ স্নিগ্ধা এতিয়া চৰ্চাৰ কাৰণ। স্নিগ্ধ ফুল এপাহৰ দৰেই সুগন্ধিত এই প্ৰতিভা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...