অসম–অৰুণাচল সীমান্তত বুকু কঁপাই তোলা ঘটনা

গাৰ নোম শিহৰিত কৰা কাণ্ড। শুনিলেই বুকু কঁপি যোৱা ঘটনা। এগৰাকী মহিলাক চোকা অস্ত্ৰৰে হত্যা। উদ্ধাৰ হ’ল বিবস্ত্ৰ অৱস্থাত। ঘটনা অসম-অৰুণাচল সীমান্তৰ অতি দূৰ্গম কঠালজুলি অঞ্চলৰ। চাৰিদুৱাৰ থানাৰ অন্তৰ্গত কঠালজুলিত শুকুৰবাৰৰ নিশা ঘটিল অঘটন। অপঘাতৰ বলি লাওদাং বসুমতাৰী নামৰ এগৰাকী মহিলা।

নিশা ঘৰত কোনো নাছিল মহিলাগৰাকীৰ বাদে। শনিবাৰে পুৱা ঘৰলৈ উভতি অহা পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰিলে মৃতদেহ। সম্পূৰ্ণ বিবস্ত্ৰ, ক্ষত-বিক্ষত। খবৰ দিয়া হ’ল চাৰিদুৱাৰ আৰক্ষীক। দূৰ্গম অঞ্চললৈ আৰক্ষী গৈ উদ্ধাৰ কৰিলে মৃতদেহ।

কোনো অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে প্ৰহাৰ কৰিলে মহিলাগৰাকীক। পেলাই থৈ গ’ল বিচনাত। তৰা আঠুৱা তৰাতে থাকিল। তাৰ ভিতৰতে পোৱা গ’ল মৃতদেহ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিলে তদন্ত। স্থানীয়লোকৰ ওচৰতো নাই ঘটনাৰ কোনো উত্তৰ।

ইতিমধ্যে মহিলাগৰাকীৰ বিচনাৰ কাষৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত এখন চোকা অস্ত্ৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকো উপস্থিত হ’ল ঘটনাস্থলীত। স্থানীয় লোক আৰু তদন্তকাৰী আৰক্ষীৰে কৰিলে আলোচনা।

ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নৃশংস কাণ্ডৰ মূল অভিযুক্তক। গ্ৰেপ্তাৰ হ’ল উদয় ৰাভা নামৰ এটা অভিযুক্ত। আৰক্ষীৰ অবিৰাম অনুসন্ধান অব্যাহত। শীঘ্ৰেই সবিশেষ পোহৰলৈ অহাৰ সম্ভাৱনা লোমহৰ্ষক এই নৃশংস কাণ্ডৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পুনৰ গুৱাহাটী যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ। নৱম শ্ৰেণীৰ...

বেদখলকাৰীৰ ৰেহাই নাই… ভাঙি পেলোৱা হ’ল প্ৰায় ৫৫টা অবৈধ ঘৰ

দয়া নাই ক্ষমা নাই নীতিৰে ৰাজ্যত পুনৰ আৰম্ভ প্ৰশাসনৰ...