অসম–অৰুণাচল সীমান্তত বুকু কঁপাই তোলা ঘটনা

গাৰ নোম শিহৰিত কৰা কাণ্ড। শুনিলেই বুকু কঁপি যোৱা ঘটনা। এগৰাকী মহিলাক চোকা অস্ত্ৰৰে হত্যা। উদ্ধাৰ হ’ল বিবস্ত্ৰ অৱস্থাত। ঘটনা অসম-অৰুণাচল সীমান্তৰ অতি দূৰ্গম কঠালজুলি অঞ্চলৰ। চাৰিদুৱাৰ থানাৰ অন্তৰ্গত কঠালজুলিত শুকুৰবাৰৰ নিশা ঘটিল অঘটন। অপঘাতৰ বলি লাওদাং বসুমতাৰী নামৰ এগৰাকী মহিলা।

নিশা ঘৰত কোনো নাছিল মহিলাগৰাকীৰ বাদে। শনিবাৰে পুৱা ঘৰলৈ উভতি অহা পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰিলে মৃতদেহ। সম্পূৰ্ণ বিবস্ত্ৰ, ক্ষত-বিক্ষত। খবৰ দিয়া হ’ল চাৰিদুৱাৰ আৰক্ষীক। দূৰ্গম অঞ্চললৈ আৰক্ষী গৈ উদ্ধাৰ কৰিলে মৃতদেহ।

কোনো অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে প্ৰহাৰ কৰিলে মহিলাগৰাকীক। পেলাই থৈ গ’ল বিচনাত। তৰা আঠুৱা তৰাতে থাকিল। তাৰ ভিতৰতে পোৱা গ’ল মৃতদেহ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিলে তদন্ত। স্থানীয়লোকৰ ওচৰতো নাই ঘটনাৰ কোনো উত্তৰ।

ইতিমধ্যে মহিলাগৰাকীৰ বিচনাৰ কাষৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত এখন চোকা অস্ত্ৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকো উপস্থিত হ’ল ঘটনাস্থলীত। স্থানীয় লোক আৰু তদন্তকাৰী আৰক্ষীৰে কৰিলে আলোচনা।

ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নৃশংস কাণ্ডৰ মূল অভিযুক্তক। গ্ৰেপ্তাৰ হ’ল উদয় ৰাভা নামৰ এটা অভিযুক্ত। আৰক্ষীৰ অবিৰাম অনুসন্ধান অব্যাহত। শীঘ্ৰেই সবিশেষ পোহৰলৈ অহাৰ সম্ভাৱনা লোমহৰ্ষক এই নৃশংস কাণ্ডৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...