‘ভুক্তভোগীসকলৰ বেদনা দেখি মই ব্যথিত হৈছো…’, হাথৰছৰ ঘটনা সন্দৰ্ভত পত্ৰ ৰাহুলৰ

হাথৰছৰ ঘটনাই কঁপাই গ’ল দেশ। এই ঘটনাত কৰুণ মৃত্যুক সাৱটিলে ১২০জনতকৈও অধিক লোকে। ঘটনাক লৈ ব্যাপক চাঞ্চল্য অব্যাহত আছে। ৰাজ্যখনৰ চৰকাৰ বিৰোধীৰ লক্ষ্যত আছে। ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথলৈ এখন পত্ৰ লিখিছে। তেওঁ পত্ৰখনৰ জৰিয়তে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে দোষীক কঠোৰ শাস্তি দিবলৈ আহ্বান জনাইছে।

দুই পৃষ্ঠাজোৰা পত্ৰখনত ৰাহুলে কি লিখিছিল?

”মাননীয় মুখ্যমন্ত্ৰী মহোদয়, হাথৰছত হোৱা ঘটনাত ১২০জনতকৈও অধিক লোকৰ মৃত্যুৰ খবৰত ব্যথিত হৈছো। বহু দুখেৰে আপোনালৈ এই পত্ৰ লিখিছো, মই জানো যে আপুনিও এই দুখ অনুভৱ কৰিছে।

কালি পুৱা হাথৰছত সংঘটিত ঘটনাত নিহতসকলৰ পৰিয়ালক লগ পোৱাৰ পাছত তেওঁলোকৰ দুখ অনুভৱ কৰি আৰু তেওঁলোকৰ সমস্যাবোৰ জানি, মোৰ ক’বলৈ কোনো শব্দ নাছিল। পৰিয়ালসমূহে এই ঘটনাত যি হেৰুৱাইছে তাৰ পূৰণ কৰা কোনো প্ৰকাৰে সম্ভৱ নহয়, কিন্তু সেই দুৰ্ভগীয়া পৰিয়ালকেইটাক যথাসম্ভৱ সহায় কৰি তেওঁলোকৰ দুখ কম কৰাৰ প্ৰয়াস কৰিব পৰা যাব।

উত্তৰ প্ৰদেশ চৰকাৰৰ দ্বাৰা যি সাহাৰ্য ঘোষণা কৰা হৈছে, সেয়া অপৰ্যাপ্ত। মই আহ্বান জনাইছো যে, এই সাহাৰ্য ৰাশি বঢ়াই তেওঁলোকক সোনকালে প্ৰদান কৰে যেন। লগতে আহতসকলক উচিত সাহাৰ্য দি প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰে যেন।

পীড়িতসকলৰ পৰিয়ালে এয়াও উল্লেখ কৰিছে যে এই ঘটনাৰ বাবে দায়ী সেই ঠাইৰ প্ৰশাসন। এই সন্দৰ্ভত উচিত তদন্ত কৰাতো আহিবলগা সময়ত হ’বলগা দুৰ্ঘটনা ৰোধৰ বাবে এটা সঠিক খোজ হ’ব। কেৱল সেয়াই নহয় তাৰ পৰা এই পৰিয়ালকেইটাৰ ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস অব্যাহত থাকিব।

এই দুখৰ সময়ত আমি সকলোৱে আহত-নিহতসকলৰ পৰিয়ালৰ কাষত থিয় দিয়াটো উচিত। এই সন্দৰ্ভত কংগ্ৰেছ দলৰ সকলো কৰ্ম-কৰ্তাই যথাসম্ভৱ সহযোগিতা আগবঢ়াব। আশা কৰিছো যে আপুনি সমগ্ৰ বিষয়টো গুৰুত্বসহকাৰে ল’ব।’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটী যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ। নৱম শ্ৰেণীৰ...