জঘন্য! ঘৰৰ অমতত বিয়া হোৱা কন্যাক জ্বলাই হত্যা পৰিয়ালৰ

জঘন্য, নৃশংস, অমানৱীয়… কি বিশেষণ দিব এই ঘটনাক? মানৱৰূপী এচাম দানৱৰ জঘন্য কাণ্ড। ঘৰৰ অমতত বিয়া হোৱাৰ বাবেই যুৱতীৰ লগত পৰিয়ালৰ লোকে সংঘটিত কৰিলে কোনেও কল্পনা কৰিব নোৱাৰা বৰ্বৰ ঘটনা। প্ৰথমে স্বামীৰ সন্মুখৰ পৰাই অপহৰণ তাৰ পিছত হত্যা আৰু পিছত শ্মশানত জ্বলাই দিলে মৃত কন্যাৰ নিথৰ দেহ।

ঘটনা ৰাজস্থানৰ ঝালৱাৰৰ। প্ৰাপ্ত খবৰ অনুসৰি মৃত শিমলা কুশৱাহা নামৰ যুৱতীগৰাকীয়ে প্ৰায় এটা বছৰ পূৰ্বে একেখন গাঁৱৰে ৰবি ভীল নামৰ লোকজনৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু যুৱতীগৰাকীৰ এই প্ৰেম বিবাহত মত নাছিল পৰিয়ালৰ লোকৰ। তাৰ পিছত দুই স্বামী-স্ত্ৰীয়ে পৰিয়ালৰ লোকৰ পৰা আঁতৰত মধ্যপ্ৰদেশত বাস কৰিবলৈ লয়। কিন্তু বৃহস্পতিবাৰে দুয়ো মধ্যপ্ৰদেশৰ এটা বেংকলৈ যাওঁতেই ঘটে সেই অঘটনতো। পৰিয়ালৰ লোকে তেওঁলোক বেংকলৈ যোৱাৰ কথা গম পাই আৰু বেংকৰ পৰাই অপহৰণ কৰে কন্যাক।

পৰৱৰ্তী সময়ত শিমলা কুশৱাহাৰ স্বামীয়ে সমগ্ৰ ঘটনা আৰক্ষীক অৱগত কৰে। কিন্তু অলপ পিছতেই পোহৰলৈ আহে কোনেও কোনোদিনে কল্পনাও নকৰা সেই নৃশংস ঘটনাটোৰ কথা। ৰবি ভীললৈ খবৰ আহিল যে, তেওঁৰ পত্নীক পৰিয়ালৰ লোকে হত্যা কৰিছে। আনফালে হত্যাৰ পিছতে মৃতদেহটো শ্মশানলৈ নি জ্বলাই দিয়ে পৰিয়ালৰ লোকে। মৃতদেহটো প্ৰায় ৮০শতাংশ জ্বলি যোৱাৰ সময়তে শ্মশানত আৰক্ষী উপস্থিত হোৱাত পলাই পত্ৰং দিয়ে পৰিয়ালৰ লোকে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...