জঘন্য! ঘৰৰ অমতত বিয়া হোৱা কন্যাক জ্বলাই হত্যা পৰিয়ালৰ

জঘন্য, নৃশংস, অমানৱীয়… কি বিশেষণ দিব এই ঘটনাক? মানৱৰূপী এচাম দানৱৰ জঘন্য কাণ্ড। ঘৰৰ অমতত বিয়া হোৱাৰ বাবেই যুৱতীৰ লগত পৰিয়ালৰ লোকে সংঘটিত কৰিলে কোনেও কল্পনা কৰিব নোৱাৰা বৰ্বৰ ঘটনা। প্ৰথমে স্বামীৰ সন্মুখৰ পৰাই অপহৰণ তাৰ পিছত হত্যা আৰু পিছত শ্মশানত জ্বলাই দিলে মৃত কন্যাৰ নিথৰ দেহ।

ঘটনা ৰাজস্থানৰ ঝালৱাৰৰ। প্ৰাপ্ত খবৰ অনুসৰি মৃত শিমলা কুশৱাহা নামৰ যুৱতীগৰাকীয়ে প্ৰায় এটা বছৰ পূৰ্বে একেখন গাঁৱৰে ৰবি ভীল নামৰ লোকজনৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু যুৱতীগৰাকীৰ এই প্ৰেম বিবাহত মত নাছিল পৰিয়ালৰ লোকৰ। তাৰ পিছত দুই স্বামী-স্ত্ৰীয়ে পৰিয়ালৰ লোকৰ পৰা আঁতৰত মধ্যপ্ৰদেশত বাস কৰিবলৈ লয়। কিন্তু বৃহস্পতিবাৰে দুয়ো মধ্যপ্ৰদেশৰ এটা বেংকলৈ যাওঁতেই ঘটে সেই অঘটনতো। পৰিয়ালৰ লোকে তেওঁলোক বেংকলৈ যোৱাৰ কথা গম পাই আৰু বেংকৰ পৰাই অপহৰণ কৰে কন্যাক।

পৰৱৰ্তী সময়ত শিমলা কুশৱাহাৰ স্বামীয়ে সমগ্ৰ ঘটনা আৰক্ষীক অৱগত কৰে। কিন্তু অলপ পিছতেই পোহৰলৈ আহে কোনেও কোনোদিনে কল্পনাও নকৰা সেই নৃশংস ঘটনাটোৰ কথা। ৰবি ভীললৈ খবৰ আহিল যে, তেওঁৰ পত্নীক পৰিয়ালৰ লোকে হত্যা কৰিছে। আনফালে হত্যাৰ পিছতে মৃতদেহটো শ্মশানলৈ নি জ্বলাই দিয়ে পৰিয়ালৰ লোকে। মৃতদেহটো প্ৰায় ৮০শতাংশ জ্বলি যোৱাৰ সময়তে শ্মশানত আৰক্ষী উপস্থিত হোৱাত পলাই পত্ৰং দিয়ে পৰিয়ালৰ লোকে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...