ছাত্ৰৰ ছুৰিকাঘাতত গুৰুতৰভাৱে আহত অধ্যক্ষৰ মৃত্যু

কি হৈছে যুৱপ্ৰজন্মৰ? কিয় ইমান অসহিষ্ণু হৈছে যুৱ সমাজ? এক ভয়ংকৰ ঘটনাই কঁপাই গ’ল ৰাজ্য। হিন্দী চিনেমাৰ দৰে ঘটনা ঘটিল এইখন অসমতে। এইবাৰ ছাত্ৰৰ ছুৰিকাঘাতত মৃত্যুক সাৱটিলে অধ্যক্ষই। শ্ৰেণীকোঠাৰ পৰা উলিয়াই দিয়াৰ বাবেই ছাত্ৰৰ ভয়ংকৰ কাণ্ড!

শিৱসাগৰ সাই বিকাশ একাডেমীত অঘটন। ছাত্ৰৰ ছুৰিকাঘাতত গুৰুতৰভাৱে আহত অধ্যক্ষৰ মৃত্যু। আঘাতপ্ৰাপ্ত অধ্যক্ষজনৰ নাম ৰাজেশ বাবু। চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু অধ্যক্ষৰ। আক্ৰমণকাৰী ছাত্ৰজন একাদশ শ্ৰেণীৰ। অংকৰ শ্ৰেণীৰ পৰা উলিয়াই দিছিল শিক্ষকজনে। ঘৰৰ পৰা ইউনিফৰ্ম সলনি কৰি পুনৰ স্কুলত উপস্থিত হয় ছাত্ৰজন।ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...