কাজিৰঙাত যান-বাহন চলাচলক লৈ নতুন নিৰ্দেশনা

কাজিৰঙাত যান-বাহন চলাচলক লৈ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। গোলাঘাট আৰক্ষীয়ে জাৰি কৰিছে নতুন নিৰ্দেশনা। কি কি আছে নিৰ্দেশনাত, সবিশেষ পঢ়ক এই প্ৰতিবেদনত।

পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত চলাচল কৰিব পাৰিব বাণিজ্যিক ট্ৰাক। পাণবাৰী, বোকাখাট আৰু বাগৰিৰ ভিতৰতো বাণিজ্যিক ট্ৰাক চলাচলৰ বাবে সময় নিৰ্ধাৰণ। পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজাৰ ভিতৰত চলাচল কৰিব পাৰিব বাণিজ্যিক ট্ৰাক। আৰক্ষী আৰু বন আৰক্ষীৰ নিৰীক্ষণত নিৰ্ধাৰিত গতিবেগৰ মাজত চলিব লাগিব ট্ৰাকসমূহ। কোনো ধৰণৰ বাণিজ্যিক ট্ৰাক বিয়লি ৪ বজাৰ পৰা পুৱা ৮ বজালৈকে কাজিৰঙাত প্ৰৱেশ কৰিব নোৱাৰিব। যাত্ৰীবাহী বাহনসমূহৰ বাবে নিৰ্ধাৰণ কৰা হৈছে নিৰ্দিষ্ট গতিবেগ। আৰক্ষী আৰু বনৰক্ষীৰ তত্বাৱধানত সকলো ধৰণৰ বাণিজ্যিক আৰু যাত্ৰীবাহী বাহনৰ চলাচল হ’ব। আধাঘণ্টাৰ মূৰে মূৰে যাত্ৰীবাহী বাহনৰ চলাচল পৰ্যবেক্ষণ কৰিব আৰক্ষী আৰু বনৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IPLৰ অভিজ্ঞতাৰে গুৱাহাটী ৰয়েলছক পথ দেখুৱাব আবু নাচিমে

গুৱাহাটী, ৫ জুলাইঃ অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা আইপিএল অভিজ্ঞ...

ITA মাছখোৱাত ফেশ্বন আৰু উৎকৃষ্টতাৰ ভব্য সমাৰোহ এছিয়ানেট এৱাৰ্ডছ ২০২৬

গুৱাহাটীৰ আইটিএ মাছখোৱা (ITA Machkhowa) প্ৰেক্ষাগৃহত জাকজমকতাৰে অনুষ্ঠিত হৈ...