কাজিৰঙাত যান-বাহন চলাচলক লৈ নতুন নিৰ্দেশনা

কাজিৰঙাত যান-বাহন চলাচলক লৈ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। গোলাঘাট আৰক্ষীয়ে জাৰি কৰিছে নতুন নিৰ্দেশনা। কি কি আছে নিৰ্দেশনাত, সবিশেষ পঢ়ক এই প্ৰতিবেদনত।

পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত চলাচল কৰিব পাৰিব বাণিজ্যিক ট্ৰাক। পাণবাৰী, বোকাখাট আৰু বাগৰিৰ ভিতৰতো বাণিজ্যিক ট্ৰাক চলাচলৰ বাবে সময় নিৰ্ধাৰণ। পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজাৰ ভিতৰত চলাচল কৰিব পাৰিব বাণিজ্যিক ট্ৰাক। আৰক্ষী আৰু বন আৰক্ষীৰ নিৰীক্ষণত নিৰ্ধাৰিত গতিবেগৰ মাজত চলিব লাগিব ট্ৰাকসমূহ। কোনো ধৰণৰ বাণিজ্যিক ট্ৰাক বিয়লি ৪ বজাৰ পৰা পুৱা ৮ বজালৈকে কাজিৰঙাত প্ৰৱেশ কৰিব নোৱাৰিব। যাত্ৰীবাহী বাহনসমূহৰ বাবে নিৰ্ধাৰণ কৰা হৈছে নিৰ্দিষ্ট গতিবেগ। আৰক্ষী আৰু বনৰক্ষীৰ তত্বাৱধানত সকলো ধৰণৰ বাণিজ্যিক আৰু যাত্ৰীবাহী বাহনৰ চলাচল হ’ব। আধাঘণ্টাৰ মূৰে মূৰে যাত্ৰীবাহী বাহনৰ চলাচল পৰ্যবেক্ষণ কৰিব আৰক্ষী আৰু বনৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...