আহাৰমহীয়া বানত বিধ্বস্ত ৰাজ্য

আহাৰমহীয়া বানত বিধ্বস্ত ৰাজ্য। ঘৰ-বাৰী এৰি আশ্ৰয় শিবিৰত বানাক্ৰান্ত। বানত এতিয়ালৈ মৃত্যু ৬০জনৰো অধিক লোকৰ। পশুধনৰ হাহাকাৰ, মৃত্যু মুখত পৰিছে বন্যপ্ৰাণী। বিগত দুটা মাহত বানৰ সমস্যাই নিদ্ৰা হৰিছে বহু অঞ্চলৰ লোকৰ। নেৰা–নেপেৰা বৰষুণৰ বাবে নদ–নদীৰ জলস্তৰ বৃদ্ধি হৈ সৃষ্টি হৈছিল বলিয়া বানৰ। বানে ইতিমধ্যে তচনচ কৰিছে বহুজনৰ সপোন। বানত বিধ্বস্ত ঘৰ–বাৰী এৰি এতিয়া প্ৰাণৰ মমতাত দিন–ৰাতি আশ্ৰয় শিবিৰ অথবা ৰাজপথতেই পাৰ কৰিছে বানাক্ৰান্তই। পশুধন, বন্যপ্ৰাণীৰ মাজতো হাহাকাৰ পৰিস্থিতি। উজনি–নামনি সৰ্বত্ৰ এতিয়া বান আৰু বান। বহু অঞ্চলত এতিয়া বানৰ বাবে বিচ্ছিন্ন হৈছে যোগাযোগ ব্যৱস্থা। বাঢ়নী পানীয়ে উতুৱাই নিছে পকী দলং, বাট–পথ সকলোবোৰ এতিয়া বিধ্বস্ত। বানাক্ৰান্তই এতিয়া একমাত্ৰ নাৱৰে অব্যাহত ৰাখিছে। চৰকাৰী তথ্যমতেও ২ হাজাৰৰ অধিক গাঁও প্লাৱিত হৈছে বানত। ইতিমধ্যে এই সংহাৰী বানে প্ৰাণ লৈছে ৰাজ্যৰ প্ৰায় ৬০ জনৰো অধিক লোকৰ। বানৰ বাবে নানা সমস্যা বানাক্ৰান্তৰ। ইতিমধ্যে, অসমৰ বান পৰিস্থিতিকলৈ দিছপুৰত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক। বান বিধ্বস্ত জিলাসমূহলৈ গৈ বান পৰিস্থিতিৰ বুজ লোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যিক কেবিনেট মন্ত্ৰীয়েও বুজ ল’ব বানাক্ৰান্তৰ সমস্যাৰ। আজি উজনিৰ মৰাণৰ খোৱা অঞ্চলৰ বান পৰিস্থিতিৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। SDRFৰ নাৱত উঠি বানৰ বুজ ল’লে সৰ্বানন্দ সোণোৱালে। আনহাতে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে বন্যাৰ্তৰ কাষত উপস্থিত হয় কেবাজনো মন্ত্ৰী। চৰাইদেউৰ মাহমৰাত উপস্থিত হয় মন্ত্ৰী যোগেন মহন। মাহমৰাৰ বানত মৃত্যু হোৱা দুজন লোকৰ পৰিয়ালক ৪ লাখকৈ আৰ্থিক সাহায্য ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। লগতে বানাক্ৰান্তৰ সমস্যাৰ বুজ লয়। আনহাতে লাহৰীঘাটৰ ভূৰাগাঁৱত বানপীড়িত কাষত মন্ত্ৰী অতুল বৰা। কৃষিমন্ত্ৰীজনক কাষতে পাই বানাক্ৰান্তই ব্যক্ত কৰিলে অসুবিধা। বিগত ২৪ঘণ্টাত অসমৰ বান পৰিস্থিতি কিছু শাম কাটিছে যদিও বহু অঞ্চল এতিয়াও পানীৰ তলত। পশুধন, ঘৰুৱা সা–সামগ্ৰী লৈ নিৰাপদ স্থানতে থাকিবলগীয়া হৈছে বহু লোক। ইফালে উজনিৰ পৰা নামনিলৈ কেবাখনো জিলাত বৰ্তমানেও বিপদ সীমাৰ ওপৰেৰে বৈছে নৈৰ জলস্তৰ। বহু অঞ্চলত এতিয়া ভগ্ন মথাউৰিৰে এতিয়াও হোৰাহোৰে সোমাই আছে পানী। একেটা মাহৰ ভিতৰতে হোৱা দ্বিতীয়টো বানত বিধ্বস্ত ৰাজ্য। বৰ্তমানেও অপৰিৱৰ্তীয় বান পৰিস্থিতি। ইফালে বানাক্ৰান্তৰ আশ্ৰয় শিবিৰত খাদ্য পানী আৰু চিকিৎসাৰ অভাৱে দেখা দিছে। এনেকৈয়ে এতিয়া বলিয়া বানে বিপদ মাতিছে বানাক্ৰান্তৰ মাজত।

বিভীষিকাৰ মাজতে মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে বুজ ল’লে মাজুলীৰ বান পৰিস্থিতিৰ। মাজুলীৰ বানাক্ৰান্তৰ সৈতে মুখ্যমন্ত্ৰীয়ে মত-বিনিময় কৰিলে। মাজলীৰ কঢ়াল গাঁও অঞ্চলত মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে মথাউৰি। যুগুনিধাৰিত আউনীআটী-কমলাবাৰী সংযোগী মথাউৰিৰ ছিগা অংশও পৰিদৰ্শন। শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱ গোস্বামীৰ সৈতে বান প্ৰতিৰোধক লৈ আলোচনা হিমন্ত বিশ্ব শৰ্মাৰ। মথাউৰিৰ ছিগা অংশইদি অহা সুঁতিটোৰ মূৰ শৈল স্পাৰ দি বন্ধ কৰিবৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান। যুগুনিধাৰিত মথাউৰি ছিগাৰ ফলত বানে উটুৱাই নিছিল ৬ টাকৈ পৰিয়ালৰ ঘৰ–দুৱাৰ। নামনি মাজুলীৰ বিস্তীৰ্ণ অঞ্চলত কালৰূপ ধাৰণ কৰিছিল বলিয়া বানে। মাজুলীলৈ যোৱাৰ পথতে ডিব্ৰুগড়-ঢকুৱাখনাৰো বান পৰিস্থিতিৰ বুজ ললে মুখ্যমন্ত্ৰীয়ে।

ৰাজ্যৰ চতুৰ্দিশে বানে চলাইছে সংহাৰ। আহাৰ-বস্ত্ৰ-বাসস্থান হেৰুৱাই হাহাকাৰ মানুহৰ। জীৱকুলৰো অৱস্থা নাজল–নাথল। বানৰ ত্ৰাসত পৰিত্ৰাণ বিচাৰি জীৱ-জন্তুৱে এতিয়া আশ্ৰয় লৈছে ওখ স্থানত। কিন্তু তাৰমাজতে পোহৰলৈ আহিছে ইটোৰ পাছত সিটো পশু–মানৱৰ সংঘাতৰ ঘটনা। বানৰ কবলত পৰি জনাঞ্চললৈ ওলাই আহিছে বাঘ।
বানৰ মাজত গাহৰিৰো ত্ৰাস। জুৰিয়াবাসীয়ে এতিয়া ভয়-শংকাত সময় অতিবাহিত কৰিবলগীয়া হৈছে। কাৰণ জনাঞ্চলত এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়াৰ বিচৰণ। তাকে চাবলৈ আহিছে মানুহ। বিয়াগোম ঢেকীয়াপতীয়াৰ তীব্ৰগতিৰ দৌৰ। বৰ্তমানলৈকে পিঞ্জৰাবদ্ধ নহ’ল লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা প্ৰকাণ্ড ঢেকীয়াপতীয়াটো। বুধবাৰে ঢেকীয়াপতীয়াৰ আক্ৰমণৰ বলি আতাবুৰ ৰহমান নামৰ এজন লোক। পিঞ্জৰাবদ্ধ কৰাৰ অবিৰাম চেষ্টা চলাইছে বনকৰ্মীয়ে। কিন্তু সক্ষম হোৱা নাই। বৰ্তমানলৈ মুঠ তিনিজন লোক বাঘৰ আক্ৰমণৰ বলি হৈছে। বানৰ মাজতে বিহালীৰ ৰাংছালী-দলনীতো বাঘৰ আতংক ৷ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা বাঘে আক্ৰমণ কৰিলে এজনক৷ গছৰ ডাল কাটিবলৈ যোৱা অঞ্চলটোৰ মহম্মদ হুছেইন নামৰ এজন লোক বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল৷ আজি পুৱা ৬.৩০ বজাত বন বিভাগ আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযানত ওলাল মহম্মদৰ মৃতদেহ। দেহত বাঘৰ আঘাতৰ চিন স্পষ্ট।

কাজিৰঙাৰ বান বিভীষিকা সকলোৱে দেখিছে। তাৰমাজতে বনৰীয়া গাহৰিৰ আক্ৰমনৰ বলি হাৰমতিৰ এজন লোক। বনৰীয়া গাহৰিৰ বাবে আতংকৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত। কাজিৰঙাত বানতে উদ্ধাৰ হ’ল মাতৃহাৰা এটি গঁড়ৰ পোৱালী। বন বিভাগৰ সহযোগত কাজিৰঙাৰ হালধিবাৰীৰ পৰা পাণবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ চমুকৈ CWRC কৰ্তৃপক্ষই পানীত আবদ্ধ হৈ থকা গঁড় পোৱালীটো উদ্ধাৰ কৰে। বানত বৰ্তমান উদ্যানখনৰ ১৭৩টা বন শিবিৰ জলমগ্ন। বানৰ ফলত মৃত্যু ১১টা বন্যপ্ৰাণীৰ। উদ্ধাৰ কৰা হৈছে ৬৭টা বন্যপ্ৰাণী। বান বিভীষিকাৰ মাজতে বন্য জন্তুৰ আক্ৰমণত শংকিত সকলো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ আন্দোলনকাৰীৰ ওপৰত আৰক্ষীৰ দমনৰ অভিযোগ: উচ্চতম ন্যায়ালয়ে গঠন কৰিলে উচ্চ পৰ্যায়ৰ তদন্ত সমিতি

নতুন দিল্লীৰ যন্তৰ-মন্তৰ তথা দেশৰ বিভিন্ন প্ৰান্তত ছাত্ৰ আন্দোলনকাৰীসকলৰ...

১৯৮৪ চনৰ শিখবিৰোধী হিংসাৰ দোষী তথা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ দিল্লীত মৃত্যু

১৯৮৪ চনৰ শিখবিৰোধী সংঘৰ্ষৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা...

Gen Z-ৰ কাষ চাপিব মোদীৰ মন্ত্ৰীসভা, কি এই ‘One Day, One University’ কাৰ্যসূচী?

Gen Z আৰু Gen Alpha-ৰ সৈতে চৰকাৰৰ সংযোগ অধিক...