পৰকীয়া প্ৰেম! পৰণতিত শেষ এটা জীৱন

পৰকীয়া প্ৰেমৰ বাবেই সময়ে সমযে সংঘটিত হৈ আহিছে কোনেও কল্পনা নকৰা কিছু ভয়ংকৰ ঘটনা। কিছুদিন পূৰ্বৰ কাহিলীপাৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পুনৰ পৰকীয়া প্ৰেমে শেষ কৰিলে এখন ঘৰ। বেলেগৰ লগত সম্পৰ্ক ৰখাৰ সন্দেহতেই বিধৱা মহিলাক হত্যা কৰি নদীত উটুৱাই দিলে অবৈধ প্ৰেমিকে।

ঘটনা ছয়গাঁৱৰ আগগুমীৰ। যোৱা ১৭ জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল জয়নাব খাতুন (২৯) নামৰ মহিলাগৰাকী। পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ নিৰুদ্দেশ সম্পৰ্কে আৰক্ষীক অৱগত কৰিছিল পৰিয়ালৰ লোকে। সেই অভিযোগৰ ভিত্তিতে বৃহস্পতিবাৰে নিশা ছয়গাঁও আৰক্ষীয়ে সন্দেহবশত: একেখন গাঁৱৰে ইয়াবৰ আলী (৩০) নামৰ যুৱক এজনক আটক কৰে। আৰক্ষীৰ জেৰাত যুৱকজনে মহিলাগৰাকীক ডিঙি চেপি হত্যা কৰাৰ পিছত কলহী নদীত উটুৱাই দিয়াৰ কথা স্বীকাৰ কৰে। যুৱকজনৰ স্বীকাৰোক্তি মতে মহিলাগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল মহিলাগৰাকীৰ। কিছুদিনৰ পৰা মহিলাগৰাকীয়ে বেলেগ এজন পুৰুষৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছিল। সেই বিষয়ক লৈয়ে ১৬ জুনৰ নিশা দুয়োৰে মাজত সূত্ৰপাত হৈছিল কাজিয়াৰ। পিছত সেই কাজিয়াই লয়গৈ ভয়ংকৰ ৰূপ। যুৱকজনে মহিলাগৰাকীক গামোচাৰে ডিঙি চেপি হত্যা কৰে আৰু পিছত কলহী নদীত উটুৱাই দিয়ে।

এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ছয়গাঁৱত। মহিলাগৰাকীক বিচাৰি কলহী নদীত ছয়গাঁও আৰক্ষী আৰু SDRF-এ অভিযান চলাইছে যদিও সন্ধান ওলোৱা নাই মহিলাগৰাকীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সাৱধান! গুৱাহাটীত ওলাইছে মেখেলা পিন্ধা চোৰ

বিহুৰ বতৰত ঘৰ এৰি যোৱাৰ পূৰ্বে এশবাৰ ভাবক। গুৱাহাটীত...

বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ...

৩ খন সফল আই পি এল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এ চি এৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল...

গুৱাহাটীত অষ্টম পুৰুষ-মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ

দেশৰ ৩৩ খন ৰাজ্যৰ প্ৰায় আঠশ খেলুৱৈ, প্ৰশিক্ষক, কাৰিকৰী...