কোন হ’ব ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী?

ব্ৰিটেইনত ওৰ পৰিব নেকি কনজাৰভেটিভ দলৰ ১৫ বছৰীয়া শাসনৰ? প্ৰধানমন্ত্ৰিত্ব হেৰুৱাব নেকি ভাৰতীয় মূলৰ ঋষি ছুনাকে? কোন হ’ব ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী? বৃহস্পতিবাৰে অনুষ্ঠিত হয় ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচন। ২০১৯ত কনজাৰভেটিভ দলৰ নেতা বৰিছ জনছনৰ অভাৱনীয় বিজয়ৰ পিছত এইবাৰৰ নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে। কনজাৰভেটিভ দলৰ ডেৰ দশকজোৰা শাসনৰ অৱসান ঘটাই এইবাৰ লেবাৰ পাৰ্টীয়ে ব্ৰিটেইনৰ ক্ষমতা দখল কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। শেহতীয়াকৈ বৰ্তমানৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাক তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাত কনজাৰভেটিভ দলে ক্ষমতা হেৰুওৱাটো প্ৰায় নিশ্চিত বুলি দাবী কৰিছে লেবাৰ পাৰ্টীয়ে। ইয়াৰ লগে লগে লেবাৰ পাৰ্টীৰ নেতা কিয়াৰ ষ্টাৰ্মাৰ ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ পথ প্ৰায় প্ৰশস্ত হৈ পৰিছে। স্থানীয় সময় অনুসৰি পুৱা ৭ বজাৰ পৰা দেশখনৰ ৪০ হাজাৰ ভোটকেন্দ্ৰত আৰম্ভ হয় ভোটগ্ৰহণ। উত্তৰ ইংলেণ্ডৰ ৰিচমণ্ড আৰু নৰ্থ এলাৰ্টন সমষ্টিত পত্নী অক্ষতা মূৰ্তিৰ স’তে ভোটদান কৰে প্ৰধানমন্ত্ৰী ঋষি ছুনাকে। ইয়াৰ পিছতে উত্তৰ লণ্ডন সমষ্টিত ভোটদান কৰে লেবাৰ পাৰ্টীৰ নেতা কিয়াৰ ষ্টাৰ্মাৰে। স্থানীয় সময় অনুসৰি নিশা ১০ বজাত ভোটগ্ৰহণৰ অন্ত পৰাৰ পিছতে প্ৰায় প্ৰকাশ কৰা হয় এক্সিট প’লৰ ফলাফল। এইবাৰৰ নিৰ্বাচনত ব্ৰিটেইনত দেখা গৈছে পৰিৱৰ্তনৰ বতাহ। সেয়ে এইবাৰ ঋষি ছুনাকক ওফৰাই লেবাৰ পাৰ্টীৰ নেতা কিয়াৰ ষ্টাৰ্মাৰ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাটো নিশ্চিত বুলি দাবী কৰিছে বিৰোধী লেবাৰ পাৰ্টীয়ে। ব্ৰিটেইনৰ ‘হাউছ অব কমনছ’ৰ আসন সংখ্যা ৬৫০খন। চৰকাৰ গঠনৰ বাবে প্ৰয়োজন হ’ব ৩২৬খন আসন। উল্লেখ্য যে বিগত প্ৰায় ডেৰ দশক ধৰি চলা কনজাৰভেটিভ দলৰ শাসনত সমগ্ৰ দেশজুৰি অস্থিৰতাৰ সৃষ্টি হোৱা বুলি দাবী কৰিছে লেবাৰ পাৰ্টীৰ লগতে সাধাৰণ ভোটাৰেও। এনে ৰাজনৈতিক অস্থিৰতাৰ বাবেই এইবাৰ ঋষি ছুনাকে প্ৰধানমন্ত্ৰিত্ব হেৰুৱাব বুলি দাবী কৰে লেবাৰ পাৰ্টীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...