পুনৰ খাকী পোছাকত লাগিল দাগ

গুৱাহাটী, ১৭ জুন, NKTV: নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰোধী অভিযান। এই অভিযানৰ বাবে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গঠন কৰিছে এন্টি নাৰ্কটিক স্কোৱাড। পিছে আনন্দ মিশ্ৰই গঠন কৰি দিয়া এন্টি নাৰ্কটিক স্কোৱাডত কৰ্মৰত জোৱানৰ পকেটতে নিশা ওলাল ড্ৰাগছ। এন্টি নাৰ্কটিক স্কোৱাডত কৰ্মৰত আৰক্ষী জোৱান ইছৰাফিল হুছেইনক নগাঁৱৰ মেৰতলত গাঁওৰক্ষী বাহিনীয়ে ড্ৰাগছসহ আটক কৰি গতাই দিলে আৰক্ষীক। এন্টি নাৰ্কটিক স্কোৱাডত কৰ্মৰত আৰক্ষী জোৱান ইছৰাফিল হুছেইনে নিশা ড্ৰাগছ সেৱন কৰি মেৰতলত দুৰ্ঘটনাত পতিত হৈছিল। ইয়াৰ পাছতে গাঁওৰক্ষী বাহিনীয়ে নিচাসক্ত অৱস্থাত আৰক্ষী জোৱান ইছৰাফিল হুছেইনক উদ্ধাৰ কৰে। কিন্তু জোৱানজনৰ পকেটৰ পৰা ড্ৰাগছ ভৰ্ত্তি কন্টেইনাৰ ওলাই পৰাত সোধাপোছা কৰি ইছৰাফিল হুছেইনক আৰক্ষীৰ ওচৰত গতাই দিয়ে। নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সময়তে এন্টি নাৰ্কটিক স্কোৱাডত কৰ্মৰত জোৱানৰ হাততে ড্ৰাগছ ওলোৱা ঘটনাই বৰ্তমান সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...