G7 ক লৈ ইটালীত ভিৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰনেতাৰ

ইটালিৰ আকাশত উৰিছে ৭ দেশৰ পতাকা। ভাৰতীয় ৰীতিৰে অতিথিক আদৰিছে প্রধানমন্ত্রী জর্জিয়া মেলোনিয়ে। G7 ক লৈ ইটালীত ভিৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰনেতাৰ। বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীক।

ইটালীত অনুষ্ঠিত হৈছে জি–7 শীৰ্ষ সন্মিলন। ৭ সদস্য ৰাষ্ট্ৰ আমেৰিকা, ব্ৰিটেইন, জাৰ্মানী, ফ্ৰান্স, কানাডা, ইটালী আৰু জাপানৰ উপৰি আমন্ত্ৰিত ভাৰত, চৌডি আৰব, ইউক্ৰেইনসহ বিভিন্ন দেশৰ প্ৰতিনিধিয়ে ভিৰ কৰিছেহি জি–7 সন্মিলনত। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱা মোদীয়ে G7 ত অংশগ্ৰহণৰ বাবে উপস্থিত হৈছেগৈ ইটালীত। এয়া হৈছে মোদীৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমটো বিদেশ ভ্ৰমণ। এক কথাত এয়া মোদীৰ তৃতীয় পৰ্যায়ৰ কূটনৈতিক ইনিংছ। আমেৰিকা আৰু ইউৰোপৰ শক্তিধৰ ৰাষ্ট্ৰৰ সৈতে একাধিক বৈঠক।

৫০ সংখ্যক G-7 শীৰ্ষ সন্মিলনৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ২ দেশৰ সামূহিক স্বাৰ্থজনিত বিষয়ত আলোচনা হয় দুই দলৰ মাজত। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী দ্বিপাক্ষিক বৈঠকত মিলিত হয় ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা হয় দুয়ো নেতাৰ মাজত। এই আলোচনাত বিশ্বৰ সামূহিক স্বাৰ্থৰ বিষয়েও স্থান পায়। প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জ’ৰ্জিয়া মেলনিৰ সৈতেও শুকুৰবাৰে আলোচনাত মিলিত হোৱাৰ কথা। ইয়াৰোপৰি আন বহু কেইজন প্ৰধানমন্ত্ৰী মোদীৰ আছে দ্বিপাক্ষিক বৈঠক। G-7 শীৰ্ষ সন্মিলত এইবাৰ মূল উদ্দেশ্যে ইউক্ৰেইনক যুদ্ধৰ পৰা সকাহ দিয়া। এইবাৰ ১৩ৰ পৰা ১৫ জুনলৈ G-7 শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছে ইটালীৰ বৰগ’ ইগনাজিয়াত। ইটালীৰ অধ্যক্ষতাত অনুষ্ঠিত সন্মিলনখনক লৈ দেখা গৈছে এক মনোৰম পৰিৱেশৰ। বন্ধুত্বসূলভ ভাৱেৰে ৰাষ্ট্ৰনেতাসকলে আলোচনাত মিলিত হৈছে। কৰিছে ফটো ছে’চন।

ভাৰতীয় ৰীতিৰে অতিথিক আদৰণি জনাইছে প্ৰধানমন্ত্ৰী মেলানিয়ে। ইটালীৰ আকাশত উৰিছে সদস্য ৰাষ্ট্ৰৰ নিচান। ইয়াৰ মাজতে অৱশ্যে ট্ৰাম্পৰ সমৰ্থনত আকাশত উৰিল ষ্টিকাৰ। য’ত লিখা আছিল প্ৰেছিডেণ্ট ট্ৰাম্প ডিড নাথিং ৰং। ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত সাহসৰ পৰিচয় দিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক জেলেনস্কিক ছেল্যুট দিলে বাইডেনে। এই সন্মিলনৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়াত লিখিলে বিশ্বৰ ৰাষ্ট্ৰনেতাসকল এই সন্মিলনত উপস্থিত হৈছে গঠনমূলকভাৱে আগুৱাই যোৱাৰ বাবে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সৃষ্টি হোৱা প্ৰত্যাহ্বানক নেওচি এক উজ্বল ভৱিষ্যতৰ বাবে সহযোগিতাৰে আগবাঢ়ি যোৱাই আমাৰ লক্ষ্য।

NKTV Digital
Author: NKTV Digital

289 COMMENTS

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...