পুনৰ জে’ললৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

দেওবাৰে তিহাৰ জে’লত আত্মসমৰ্পন কেজৰিৱালৰ। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ২১ দিনৰ বাবে অস্থায়ী জামিন লাভ কৰিছিল কেজৰিৱালে। জে’ল যাত্ৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী কেজৰিৱাল ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধা নিবেদন কৰে। কনট প্লেছত অৱস্থিত হনুমান মন্দিৰলৈ গৈ আশীষ গ্ৰহণ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ পিছত দলীয় কাৰ্যালয়লৈ গৈ দলৰ নেতা-কৰ্মীক লগ কৰি পোনে পোনে তিহাৰ জে’ললৈ যাত্ৰা কৰে কেজৰিৱালে। জে’ল যাত্ৰাৰ পূৰ্বে পুৱা এক্স হেণ্ডেলত অৰবিন্দ কেজৰিৱালৰ পোষ্ট– ‘উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ২১ দিনৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ বাবে মই জে’লৰ পৰা ওলাই আহিছিলো। উচ্চতম ন্যায়ালয়ৰ ওচৰত মই কৃতজ্ঞ।’ উল্লেখ্য যে ২১ মাৰ্চত সুৰা নীতি কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। ১০ মে’ত উচ্চতম ন্যায়ালয়ে ২ জুন পৰ্যন্ত অন্তৱৰ্তী জামিন দিছিল কেজৰিৱালক। স্বাস্থ্য পৰীক্ষাৰ বাবে অতিৰিক্ত ৭ দিনৰ জামিন বিচাৰি আবেদন কৰিছিল কেজৰিৱালে। কিন্তু আদালতে কেজৰিৱালৰ জামিন আবেদন নাকচ কৰে। ১০ মে’ পৰ্যন্ত ৩৯ দিন তিহাৰ জে’লত পাৰ কৰাৰ পাছত দেওবাৰে পুনৰ তিহাৰ জে’লৰ বন্ধ কোঠালিলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।

NKTV Digital
Author: NKTV Digital

3 COMMENTS

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...