ছয়গাঁৱত চাৰি বন্ধুৰ হাতত প্ৰাণ গ’ল এজনৰ

দক্ষিণ কামৰূপৰ ছয়গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চাৰি বন্ধুৰ হাতত প্ৰাণ গ’ল এজন যুৱকৰ। মৃত যুৱকজনৰ নাম গৌতম কলিতা। ছয়গাঁৱৰ বালাগাঁৱত সংঘটিত হৈছে এই ঘটনা। ২৬ মে’ত বালাগাঁও দুৰ্গা মন্দিৰৰ সন্মুখত সংঘটিত হয় এই ঘটনা। অভিযুক্ত চাৰি বন্ধু ক্ৰমে ধীৰাজ শৰ্মা, ভৱ দাস, ধীৰেণ ৰাজবংশী আৰু কংকণ কলিতা। অত্যধিক মদ্যপান কৰি তৰ্কা-তৰ্কিত লিপ্ত হৈছিল যুৱক কেইজন। তাৰ পাছতেই ধীৰাজ শৰ্মাই নিজৰ ই-ৰিক্সাৰে গৌতম কলিতাক খুন্দিয়াই। যাৰ ফলত ঘটনাস্থলীতে অচেতন হৈ পৰে গৌতম কলিতা। ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ বন্ধু কেইজনে গৌতমক লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ইপিনে সমগ্ৰ ঘটনাক চাৰি বন্ধুৱে আৰক্ষীক স্বাভাৱিক মৃত্যু বুলি ভুল পথে পৰিচালিত কৰিছিল। ছয়গাঁও আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহে প্ৰকৃত ৰহস্য। বৃহস্পতিবাৰে নিশাই চাৰি বন্ধুক আটক কৰে আৰক্ষীয়ে। তিনিবছৰীয়া কন্যা সন্তানক কোলাত লৈ স্বামীৰ হত্যাকাৰীক উচিত শাস্তিৰ দাবী পত্নীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...